আজাদী কা অমৃত মহোৎসৱ – হিমাদ্ৰী বৰকটকী

আজাদী কা অমৃত মহোৎসৱ 
” হৰ ঘৰ ত্ৰিৰংগা “

স্বাধীনতাৰ দিৱস হৈছে আমাৰ দেশৰ এক‌ ৰাষ্ট্ৰীয় দিৱস। আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে। কাৰন সেই দিনটোতে ভাৰতবাসীয়ে ২০০ বছৰীয়া বৃটিছ শাসনৰ অন্ত পেলায় স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। তেতিয়াৰ পৰা ১৫ আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। এই স্বাধীনতা লাভ কৰিবলৈ বহুতো স্বাধীনতা সংগ্ৰামী আৰু বীৰ পুৰুষে বিভিন্ন সংগ্ৰাম আৰু আন্দোলন কৰাৰ লগতে বহুজনে দেশ মাতৃৰ বাবে নিজৰ জীৱনো বলিদান দিছিল। সেই সকলৰ ভিতৰত মহাত্মা গান্ধী , জৱাহৰলাল নেহৰু ,নেতাজী সুভাষচন্দ্ৰ বসু , ৰানী লক্ষ্মী বাই , মঙ্গল পাণ্ডে, ভগত সিং , চৰ্দাৰ বল্লভ ভাই পেটেল , দাদাভাই নৰোজীৰ আদিৰ দৰে বহুতো জাতীয়তাবাদী নেতাই ভাৰতবৰ্ষক বৃটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল । সেই মহান ব্যক্তি সকলৰ অৱদান আৰু প্ৰচেষ্টা ভাৰতৰ স্বাধীনতা ইতিহাসত সদায় স্মৰণীয় ।
স্বাধীনতা দিৱসৰ দিনা দিল্লীৰ লালকিল্লাত প্ৰধান মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আৰু স্কুল কলেজ , বিশ্ববিদ্যালয় , ব্যবসায়িক প্ৰতিস্থান আৰু নিজ নিজ বাসগৃহত আদি কৰি সকলো ৰাজহুৱা স্থানত জাতীয় পতাকা উত্তোলন কৰা হয়। লগতে সকলোৱে মিলি একেলগে আমাৰ ৰাষ্ট্ৰীয় সংগীত “জন গন মন…” পৰিবেশন কৰে । এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান পতা হয়।
২০২২ চনৰ স্বাধীনতা দিৱস হৈছে আমাৰ দেশৰ ৭৫ তম্ স্বাধীনতা দিৱস। এই দিৱস উপলক্ষে ” হৰ ঘৰ ত্ৰিৰংগা ” অৰ্থাৎ প্ৰতিটো ঘৰতে ত্ৰিৰংগা পতাকা উত্তোলন কৰি “স্বাধীনতাৰ অমৃত মহোৎসৱ”পালন কৰিবলৈ ভাৰতৰ জনগনক মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনায়। তেওঁ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আমাৰ জাতীয় পতাকাখন ঘৰে ঘৰে উত্তোলন কৰি ৰাখিবলৈ জনসাধাৰণক আহ্বান জনায়।
ত্ৰিৰংগা পতাকা খন হৈছে আমাৰ স্বাভিমান , আমাৰ গৌৰৱ , আমাৰ পৰিচয়। যেতিয়ালৈকে সূৰ্য চন্দ্ৰ থাকিব আমাৰ ত্ৰিৰংগা পতাকাখন জিলিকি থাকিব। এই পতাকাখনৰ তলত আমি সকলোৱে মিলি একেলগে দেশৰ কাৰনে ভাল কাম কৰিম বুলি দৃঢ় প্ৰতিজ্ঞ হ’ব লাগে।
বিজয়ী বিশ্ব ত্ৰিৰংগা আমাৰ , ভাৰত দেশ মহান আমাৰ ।

” জয় হিন্দ “

হিমাদ্ৰী বৰকটকী
নগাঁও