আঘোনৰ_মালিতা
✍🏻মেঘালী দেৱী,
দেৰগাওঁ
কুশীৰে মাটিফলাত
কৃষকৰ সফলতা।
আঙুলিৰ টিপাৰে
কঠিয়া গোঁজাত
ৰোৱনীৰ নিপুনতা।
মেঘোদক পান কৰি
শ্যামলী হ’ল
পুৱতি লখিমী।
সাজ সলাই হ’ল
শ্যামলী, সোণালী।
আদৰাৰ সময় হ’ল
শুভ্ৰ নিয়ৰে দিলেহি বাতৰি
কুহেলিকাই চন্দ্ৰতাপেৰে
জনালে আমন্ত্ৰণ।
শানত কাচি ধাৰাল কৰি
কৃষকৰ মুখত মিঠা হাঁহি।
কাচিৰ আচ্ছেদনত গৃহস্থৰ
সোঁহাতত তিনি গোছা লখিমী
বাওঁহাতত তিনিটা থোকেৰে
শুৱনি আগলি কলাপাত।
ফুলাম গামোচাৰ মেৰত আনি
ভঁৰাল কৰে শুৱনি।
তাৰে দুটামান সোণগুটি
কুহৰত গোটাই কুহনেও সাঁচে
বছৰটোলৈ বুলি।
এইদৰে আঘোণ
আহে আৰু যায়,
কৃষকৰ প্ৰাণত পূৰ্ণতাৰ
সুবাস ছটিয়াই।