আগতীয়া বহাগ – মিতালি বৰঠাকুৰ

Pc Vecteezy

আগতীয়া বহাগ 

মিতালি বৰঠাকুৰ
মালিগাওঁ ,গুৱাহাটী 

বতাহ ,
বতাহ বলিছে
চৌদিশে আধিপত্যৰ বতাহ
কোন উঠি ৰজা ,বহি ৰজা হয় তাৰেই গুনাগথা
ভাগ্য বিধাতাৰ হাতত  নহয় , প্ৰজাৰ হাতত
চাৰিওফালে  ছটিয়াই দিয়া হৈছে টোপ
লোভত মৰিছে বৰশীৰ মাছ
প্ৰজাবোৰে  আদৰ্শক খামুচি ধৰিছে
তথাপি পিছলি পৰিছে হাতৰ মুঠিৰ পৰা
ৰাজপথত ওলাব পৰা নাই
বলিছে এছাটি  আবতৰীয়া বতাহ
চকু থাকিও অন্ধ হৈ পৰিছে ৰজাঘৰীয়া প্ৰজা
দৰিদ্ৰৰ হুমুনিযাহ কাঁহ পৰি জীন গৈছে
আবতৰীয়া বতাহ জাকত ।
বহাগ অহাৰ আগতে হয়তো নাচিব এপাক
ঢোল পেঁপাৰ গুম্ গুমনিত
নাচনীয়েও ভাঙিব  খামুচীয়া কঁকাল
আহিছে আগতীয়া বহাগ
বলিচে এছাটি বতাহ।