আকৌ এবাৰ ভূলুণ্ঠিত মানৱতা
ঝংকাৰ,নীল,অভি,ডিম্পল,তৰুণ ডেকা ইত্যাদি নামবোৰৰ লগত আকৌ আৰু এটা নাম সন্নিবিষ্ট হ’ল,অনিমেষ…শিক্ষা-সংস্কৃতিৰ ৰাজধানী খ্যাত যোৰহাট মহানগৰীৰ মাজ-মজিয়াত দিন দুপৰতে মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল এজন ৩০বছৰীয়া সুদৰ্শন যুৱকক।মানুহৰ মুখা পিন্ধা প্ৰায় ৫০জনীয়া দানৱৰ দল এটাই প্ৰায় দুই শতাধিক অন্ধ(?)লোক তথা পুলিচ(?)প্ৰশাসনৰ সন্মুখতে হত্যা কৰিলে মানৱতাক।অনিমেষৰ দোষ এটাই,সুৰাসক্ত এজন পৌঢ় ব্যক্তিক দুজন সতীৰ্থসহ সহায়ৰ হাত আগবঢ়োৱাতো।আমিবোৰ মানুহ, সমাজত বাস কৰো,কাপোৰ পিন্ধি লজ্জা নিবাৰণ কৰো, বিবেকৰ দ্বাৰা পৰিচালিত হওঁ, সংসাৰ কৰো ইত্যাদি ইত্যাদি বহুতো কৰ্মই কৰো।পৰিতাপৰ কথা যে আমি আমাৰ ক্ৰমবিবৰ্তনৰ সূত্ৰটোও ধৰি ৰাখো।পাশবিক কৰ্ম কাণ্ডৰে অতীতক নাযাবা পাহৰি কথাষাৰৰ যথাৰ্থ কৰো।মানবৰূপী দানৱৰ পাশবিক কৰ্ম-কাণ্ডই সম্ভবতঃজীৱ-জন্তু বোৰকো লজ্জিত কৰি তোলে।ড্ৰাগছ-ভাং-মদৰ আদিৰ নিচাৰ কবলত পৰি বিবেকৰ গণ্ডীৰ বাহিৰলৈ ওলাই আহি এনে একোটা চৰম কাৰ্য্য কৰি পেলাওঁ যে প্ৰকাশ কৰিবলৈও অভিধানতো শব্দৰ অভাব। হৃদয়, শুনিলেই মন জুৰোৱা এটি শব্দ।এতিয়া কি ‘হৃদয়ো’এটা মাথো যন্ত্ৰ?অন্ধৰ ভাওঁ ধৰি উপভোগ (?)কৰি থকা মানুহবোৰৰ কৰ্মকাণ্ডই এনেকৈয়ে ভাবিবলৈ বাধ্য কৰিছে। জীয়াই যদি তুলিব নোৱাৰা হত্যা কৰাৰ অধিকাৰ ক’ত পালা?আৰু কিমান অনিমেষ?নীল?অভি?ইয়াৰ পাছত আকৌ ক’ত?কোন?এশ এবুৰি প্ৰশ্নৰ মাজত আমি মানব সমাজ। ৰঙিলী বাৰ্ত্তাৰ মজিয়াৰ পৰাই সমূহ ৰঙিলী বাৰ্তাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা ভুক্তভূগী পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো,লগতে নেদেখা জনৰ আগত ভ্ৰাতৃসম অনিমেষৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলো। ৰঙিলী বাৰ্ত্তাৰ মজিয়াৰ পৰাই দোষী কোনো সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে,উচিত দণ্ডৰে যাতে দণ্ডিত হয়,তাৰবাবে সজোৰে দাবী জনালো।
ৰঙিলী বাৰ্ত্তাৰ পৰিয়ালবৰ্গৰহৈ দেৱাশীষ গোস্বামী,নগাঁও, অসম