আইবা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত প্ৰথম ৰাউণ্ডত বিজয় অসম সন্তান শিৱ থাপা

Pc- Sportskeeda

আইবা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত প্ৰথম ৰাউণ্ডত বিজয় অসম সন্তান শিৱ থাপা

ৰঙিলী বাৰ্ত্তাসেৱা –  অসম সন্তান শিব থাপাই ছাৰ্বিয়াৰ বেলগ্রেডত চলি থকা আইবা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৬৩.৫ কেজি ইভেণ্টৰ প্ৰথম ৰাউণ্ডৰ মেচত কেনিয়াৰ ভিক্টৰ নাইডোক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। অভিজ্ঞ শিৱই চমকপ্রদ কৌশলেৰে প্রতিদ্বন্দ্বীগৰাকীক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিবলৈ সক্ষম হয়। এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পাঁচবাৰৰ পদক বিজয়ী শিৱই শনিবাৰে পশ্চিম আফ্ৰিকাৰ ছাইৰা লিঅ’নি নামৰ দেশখনৰ জন ব্ৰাউনৰ বিৰুদ্ধে পৰৱৰ্তী ৰাউণ্ডত প্রতিদ্বন্দ্বিতা আগবঢ়াব।শিৱৰ লগতে ভাৰতৰ আন দুগৰাকী বক্সাৰ আকাশ ছাংৱান শ্ৰক ৰোহিত মোৰেও প্ৰতিযোগিতাখনত জয়েৰে অভিযান আৰম্ভ কৰিবলৈ সক্ষম হৈছে। বিশ্ব বক্সিঙত প্ৰথমবাৰৰ বাবে অংশ লোৱা আকাশে ৬৭ কেজিৰ প্ৰথম ৰাউণ্ডৰ বেচত তুর্কীৰ প্ৰতিদ্বন্দ্বীক ৫-০ত পৰাস্ত কৰে। প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে দেশক প্রতিনিধিত্ব কৰা আনগৰাকী বক্সাৰ ৰোহিতে ৫৭ কেজিৰ প্ৰথম ৰাউণ্ডৰ মেচত ইকুৱেডৰৰ প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে ৫-০ৰ ব্যৱধানত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।