অহা ২ দশকত ভাৰত ১৫ ট্ৰিলিয়ন ডলাৰৰ অধিক অৰ্থনীতি হ’বঃ আদানি

pc Adani Group

অনলাইন বাৰ্ত্তাসেৱা – আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে কয়, “ভাৰত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ’ব আৰু তাৰ পিছত পৰৱৰ্তী দুটা দশকত ১৫ ট্ৰিলিয়ন ডলাৰৰ অধিক অৰ্থনীতি হ’ব।” তেওঁ লগতে কয়, “ব্যৱহাৰৰ আকাৰ আৰু বজাৰ মূলধনৰ ক্ষেত্ৰত ভাৰতৰ উত্থান হ’ব এখন বিশ্বৰ অন্যতম বৃহৎ বজাৰ হিচাপে।” ভাৰতৰ মধ্যবিত্ত শ্ৰেণীয়ে বিকাশৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব, আদানীয়ে কয়।

(UD.)