অসুখ
পৰা হ’লে
কবিতাৰে
তোক সুস্থ কৰি তুলিব
আকাশৰ প্ৰতিটো তৰাৰ নামতে
লিখিলোহেতেন কবিতা,
পুৱা-গধূলি
প্ৰৰ্থনাৰ নামতো
গুণগুণালোহেতেন কবিতা।
ভোক গুছোৱাৰ পৰতো কবিতা,
নিচুকনি গীতৰ নামতো কবিতা।
পৰা হ’লে
সেউজীয়া গছবোৰকো
শুনালোহেতেন কবিতা।
হয়তো দিলেহেতেন অম্লজান
আৰু সুচল কৰিলেহেতেন তোৰ উশাহৰ বাটটি।
কবিতাৰে
তোৰ অসুখটোৰ স’তে
যুঁজিবৰ মন,
তোক যে মোৰ বৰ প্ৰয়োজন।
শৰ্মিষ্ঠা দেৱী