অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত শাখা ৰামধেনু সাহিত্য সভাৰ নিজৰদিন পালন

অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত শাখা ৰামধেনু সাহিত্য সভাৰ নিজৰদিন পালন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ উদ্যোগত ৰামধেনু শাখা সাহিত্য সভাৰ সহযোগত ১৪ এপ্ৰিল, পহিলা ব’হাগত সাহিত্য সভাৰ নিজৰ দিন উপলক্ষে ৬০ৰ ঊৰ্ধ্বৰ পাঁচগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক ঘৰে ঘৰে গৈ ওলগনি পত্ৰ আৰু একোখন গামোচাৰে আদৰণি জনোৱাৰ লগতে তেঁওলোকৰ দীৰ্ঘায়ু কামনা কৰা হয়। ৰামধেনু সাহিত্য সভাই পহিলা ব’হাগৰ ওলগনি জনাই ক্ৰমে ফটাশিল আমবাৰী বাথৌ মন্দিৰ নিৱাসী, বিশিষ্ট সমাজ সেৱক তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুৰু প্ৰসাদ তালুকদাৰ , সমাজসেৱক তথা বাথৌ মন্দিৰ নিৱাসী উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° অজিত চন্দ্ৰ ডেকা, বিশিষ্ট অধিবক্তা প্ৰেম শৰ্মা, বিশিষ্ট চিকিৎসক ডাঃ ৰমেন দাস, বিশিষ্ট সামাজসেৱিকা বাসন্তী কলিতাক। অসম সাহিত্য সভাৰ হৈ ৰামধেনু সাহিত্য সভাৰ সভাপতি তথা মহানগৰ সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ধনজিৎ তালুকদাৰ, সম্পাদক ৰুবি কলিতা, পত্ৰিকা সম্পাদক সোনাধৰ ডেকাই ঘৰে ঘৰে গৈ অসমীয়া নৱবৰ্ষৰ ওলগনি জনায়।