অসম, মেঘালয়ে আন্তঃৰাজ্যিক সীমান্ত বিবাদ সমাধানৰ বাবে কমিতি গঠন

অসম, মেঘালয়ে আন্তঃৰাজ্যিক সীমান্ত বিবাদ সমাধানৰ বাবে কমিতি গঠন

অনলাইন বাৰ্তাসেৱা – আন্তঃৰাজ্যিক সীমান্ত বিবাদ সমাধানৰ বাবে অসম আৰু মেঘালয়ৰ কেবিনেট মন্ত্ৰীসকলৰ নেতৃত্বত দুখন কমিতি গঠন কৰা হ’ব বুলি শুকুৰবাৰে ৬ আগষ্টত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

পিটিআইৰ মতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মেঘালয়ৰ সমকক্ষ কনৰাড কে চাংমাই এক যুটীয়া সংবাদমেলত জানিবলৈ দিয়ে যে সমিতিসমূহৰ প্ৰাৰম্ভিক লক্ষ্য হ’ব ১২ টা বিতৰ্কিত স্থানৰ ভিতৰত ছয়খনত পৰ্যায়ক্ৰমে সীমান্তশাৰী সমাধানৰ চিন্তা চৰ্চা।

প্ৰথম পৰ্যায়ত গ্ৰহণ কৰিবলগা ছয়টা বিতৰ্কিত স্থান হৈছে: তাৰাবাৰী, গিজাং, ফালিয়া, বকলাপাৰা, পিলিংকাটা, খানাপাৰা। মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মতে, বিবাদবোৰ সমাধান কৰোঁতে নিম্নলিখিত পাঁচটা দিশ বিবেচনা কৰিব লাগিব – ঐতিহাসিক প্ৰমাণ, জাতিগত, প্ৰশাসনিক সুবিধা, মনোভাৱ আৰু সংশ্লিষ্ট লোকসকলৰ মনোভাৱ আৰু ভূমি ৰক্ষা কৰা।