অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্ম দিৱস উপলক্ষে বৈঠক

pc- Facebook

অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্ম দিৱস উপলক্ষে বৈঠক

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ আগন্তুক জন্ম দিৱস উপলক্ষে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকখনতে ১৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰ তাৰিখলৈ ‘সেৱা আৰু সমৰ্পণ অভিযান’ নামেৰে এক কাৰ্যসূচী হাতত লৈছে। উক্ত বৈঠকত কার্যসূচীসমূহ সফল ভাৱে ৰূপায়ণ কৰাৰ বাবে এখন উপ সমিতি গঠন কৰাৰ লগতে কাৰ্যসূচীটো সফল কৰি তোলাৰ বাবে বিশদভাৱে আলোচনা কৰা হয়। উক্ত বৈঠকত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত ফণীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত পুলক গোহাঁই ডাঙৰীয়া,দিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াৰ লগতে উপ-সমিতিৰ বিষয় ববীয়া সকল উপস্থিত থাকে।

 

(RT)