অসম দেশৰ ৫ খন উন্নত ৰাজ্যৰ তালিকাত কেতিয়া সোমাব?

Pc Northeast Now

অসম দেশৰ ৫ খন উন্নত ৰাজ্যৰ তালিকাত কেতিয়া সোমাব?- মুখ্যমন্ত্ৰীক প্ৰশ্ন ভূপেন বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ৫ খন উন্নত ৰাজ্যৰ ভিতৰলৈ আনিব আৰু মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) ৰ ক্ষেত্ৰতো ৫ নম্বৰৰ ভিতৰত থাকিব বুলি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি কেতিয়ালৈ পূৰণ হ’ব বুলি আজি প্ৰশ্ন তুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই। নতুন দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত সাংবাদিকৰে হোৱা কথা-বতৰাৰ সময়ত বৰাই কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰশ্ন কৰিছে যে নিৰ্বাচনৰ সময়ত যে তেওঁ দিল্লীক লণ্ডন, পেৰিছৰ দৰে গঢ়ি তুলিব বুলি কৈছিল সেইটো কেতিয়াকৈ হৈ উঠিব। অসমৰ মুখ্যমন্ত্ৰী জনে এইটো এটা ভাল প্ৰশ্ন তুলিছে বুলি কৈ বৰাই কয় যে অসমৰ মুখ্যমন্ত্ৰীজনেও নিৰ্বাচনৰ সময়ত “অসমক ৫ নম্বৰৰ ভিতৰলৈ আনিম” বুলি দিয়া প্ৰতিশ্ৰুতিৰ কি হ’ল তাৰো উত্তৰ এতিয়া ৰাইজক দিয়ক। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দলৰ সভাপতি নিৰ্বাচনকে ধৰি সাংগঠনিক বিষয়ত আৰু আগন্তুক দলীয় কাৰ্যসূচী সন্দৰ্ভতো সাংবাদিকৰ আগত নিজৰ মন্তব্য দাঙি ধৰে।