অসম টেবল টেনিছ সংস্থাৰ সভাপতি পদত নিযুক্তি মন্ত্ৰী পিযুষ হাজৰিকাৰ

pc Facebook

অসম টেবল টেনিছ সংস্থাৰ সভাপতি পদত নিযুক্তি মন্ত্ৰী পিযুষ হাজৰিকাৰ

অনলাইন বাৰ্ত্তাসেৱা – অসম টেবল টেনিছ সংস্থাৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰে জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পিযুষ হাজৰিকাই। অনুষ্ঠিত হোৱা সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সভাপতি হিচাপে মনোনীত কৰা হয় পিযুষ হাজৰিকাক। প্রায় এমাহ পূৰ্বৰে পৰা অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ আসনখন খালী হৈ আছিল। ইয়াৰ পূৰ্বে সভাপতি পদত আছিল মৃগাংক বৰ্মন। অসম টেবুল টেনিছ সন্থাৰ উপ সভাপতি মুনীন নবিচৰ সভাপতিত্বত আয়োজিত বার্ষিক সাধাৰণ সভাত সকলো কাৰ্যবাহী সদস্য আৰু স্বীকৃতিপ্রাপ্ত জিলাসমূহে মন্ত্রী পীযূষ হাজৰিকাক। সর্বসন্মতিক্রমে সভাপতি হিচাপে বাছনি কৰে।

(UD.)