অসম চৰকাৰৰ প্রতি লিটাৰ পেট্ৰ’ল-ডিজেলত ৭ টকাকৈ অতিৰিক্ত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত

Pc- Zee News

অসম চৰকাৰৰ প্রতি লিটাৰ পেট্ৰ’ল-ডিজেলত ৭ টকাকৈ অতিৰিক্ত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় চৰকাৰে দেশবাসীক সকাহ দিবলৈ প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৫ টকা আৰু ১০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে অসম চৰকাৰে প্রতি লিটাৰ পেট্ৰ’ল-ডিজেলত ৭ টকাকৈ অতিৰিক্ত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত লয়।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত ঘোষণা কৰে। ইয়াৰ ফলত অসমত প্রতি লিটাৰ পেট্ৰ’লত ১২ টকাকৈ আৰু প্ৰতি লিটাৰ ডিজেলত ১৭ টকাকে হ্রাস পায়।প্রতিলিটাৰ পেট্ৰ’লত কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক ৩২.৯০ টকা আদায় কৰি আহিছে। এই শুল্ক ৫ টকা হ্ৰাস কৰাত প্ৰতিলিটাৰ পেট্ৰ’লত কেন্দ্ৰই আবকাৰী শুল্ক পাব ২৬.৯০ টকা। ২০২০ চনৰ ১৪ মাৰ্চত প্রতিলিটাৰ পেট্ৰ’লত আবকাৰী শুল্ক আছিল ২২.৯৮ টকা। এই আবকাৰী শুল্ক ২০২১ চনৰ ২ ফেব্ৰুৱাৰীত ৩২.৯০ টকালৈ বৃদ্ধি কৰে। অৰ্থাৎ বিগত এবছৰত পেট্ৰ’লৰ আবকাৰী শুল্ক ৪৩ শতাংশ বৃদ্ধি কৰা হয়।  প্ৰতিলিটাৰ ডিজেলত সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে ৩১.৮০ টকা আদায় কৰি আহিছে। ইয়াৰে ১০ টকা হ্রাস কৰাত প্ৰতিলিটাৰ ডিজেলত আবকাৰী শুল্ক হ’ব ২১.৮০ টকা।  ২০২০ চনৰ ১৪ মাৰ্চত প্ৰতিলিটাৰ ডিজেলত আবকাৰী শুল্ক আছিল ১৮.৮৩ টকা। এই আবকাৰী শুল্ক ২০২১ চনৰ ২ ফেব্ৰুৱাৰীত ৩১.৮০ টকালৈ বৃদ্ধি কৰে। অৰ্থাৎ বিগত এবছৰত প্ৰতিলিটাৰ ডিজেলৰ আবকাৰী শুল্ক ৬৮.৮ শতাংশ বৃদ্ধি পায়। দুয়োবিধ ইন্ধনৰ মূল্যবৃদ্ধিয়ে দেশবাসীক মাধমাৰ শোধোৱাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ আকাৰী শুল্ক ৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ আবকাৰী শুল্ক ১০ টকা হ্রাস কৰে।