অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ত বৈঠক 

pc- The Guwahati Times

অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ত বৈঠক 

অনলাইন বাৰ্ত্তাসেৱা-  ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ সদিচ্ছা প্ৰকাশ কৰি সুদীৰ্ঘ ১৬ বছৰৰ মূৰত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনাত বহিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ড০ শৰ্মা আনুষ্ঠানিকভাৱে অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হʼব। ইয়াৰ পূৰ্ব ২০০৫ চনৰ ২ মেʼত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসম চুক্তি ৰুপায়ণ সন্দৰ্ভত আলেচনাত মিলিত হৈছিল। ৰাজ্যখনত স্থায়ী শান্তি স্থাপনৰ লক্ষ্যৰে কাৰ্বি সংগঠনসমূহৰ সৈয়ে কেন্দ্ৰীয় চৰকাৰে এক চুক্তি স্বাক্ষৰ কৰাৰ পাছত সজীৱ হৈ পৰা অসম চুক্তিৰ প্ৰসংগকলৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি বিয়লি ৩ বজাত কইনাধৰাত থকা ৰাজ্য চৰকাৰৰ অতিথিশালাত অনুষ্ঠিত হʼব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত অসম চুক্তি ৰূপায়ণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনা।

 

(RT)