অসম গ্ৰন্থমেলাত নিৰ্মল সাই প্ৰকাশনৰ “সম্পাদনা সাহিত্য বঁটা ২০২২” ৰঙিলী বাৰ্তাৰ সম্পাদক উদ্দীপ্ত নয়ন মেধিক প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্মল সাই প্ৰকাশনৰ উদ্যোগত সোমবাৰে অসম গ্ৰন্থমেলাৰ হোমেন বৰগোহাঞি প্ৰেক্ষাগৃহত উদীয়মান গল্পকাৰ মাইনী চমুৱাৰ ‘মেৰুণৰঙী ফাইল’ শীৰ্ষক গল্প সংকলনখন উন্মোচিত হয় । গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰে বিশিষ্ট সাহিত্যিক সাহিত্যাচাৰ্য ড° পৰাগ কুমাৰ ভট্টাচাৰ্যই । নিৰ্মল সাই প্ৰকাশনৰ সঞ্চালক উৎপল ভৰদ্বাজে আঁতধৰা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° লুটফা হানুম ছেলিমা বেগম আৰু মঙলদৈ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা ড° মঞ্জু কলিতা । অনুষ্ঠানত অসমৰ ভিন্ন প্ৰান্তৰ নগৰাকী প্ৰচাৰ বিমুখ ব্যক্তিলৈ প্ৰকাশনৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয় । ক্ৰমে প্ৰেৰণাশ্ৰী যতীন কুমাৰলৈ সাধনা সন্মান, ধীৰেন নাথ শইকীয়া আৰু গীতু ভাগৱতী পাঠকলৈ কাব্যজ্যোতি সন্মান, ভাস্কৰজ্যোতি শৰ্মালৈ অনুবাদ সন্মান, বিভাৰাণী বণিয়ালৈ শিশু সাহিত্য সন্মান, ড° মুনমনি দেৱীলৈ প্ৰৱন্ধ সৌৰভ সন্মান, কল্যাণ কুমাৰ গোস্বামীলৈ ভ্ৰমণ সাৰথি সন্মান, আইলুং লাহন বৰালৈ যুৱ সাহিত্য সন্মান আৰু ৰঙিলী বার্তাৰ সম্পাদক উদ্দীপ্ত নয়ন মেধিলৈ সম্পাদনা সাহিত্য সন্মান আগবঢ়োৱা হয় ।