অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা বাতিল নকৰে বিহু আৰু স্বদেশ অধ্যয়ন বিষয় দুটা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা বাতিল নকৰে বিহু আৰু স্বদেশ অধ্যয়ন বিষয় দুটা।ৰাজ্যত সৃষ্টি হোৱা বিৰূপ প্ৰতিক্ৰিয়া আৰু সদৌ অসম ছাত্র সন্থাৰ (আছু) যুক্তিপূৰ্ণ দাবীত সেও মানিলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। বিহু আৰু স্বদেশ অধ্যয়ন বিষয় কর্তনক হঠকাৰী জাতিবিৰোধী আখ্যা দি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত এটা প্রতিনিধি দলে সংসদৰ অধ্যক্ষ আৰু সচিবৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাত আছুৱে যুক্তিসহকাৰে বিষয় দুটা কৰ্তনৰ সিদ্ধান্ত বাতিলৰ ঘোষণাৰ দাবী জনায়। আছুৰ দাবীত বিহু আৰু স্বদেশ অধ্যয়ন বাহাল ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে সংসদে।
