অসমৰ ভূমিৰ এক ইঞ্চি ভূমিও মিজোৰামক এৰি দিয়া নহব – ৰাণা প্ৰতাপ বৰুৱা

অসমৰ ভূমিৰ এক ইঞ্চি ভূমিও মিজোৰামক এৰি দিয়া নহব – ৰাণা প্ৰতাপ বৰুৱা।

নলবাৰী,৭ আগষ্ট : অসমৰ এক ইঞ্চি ভুমিও মিজোৰামক এৰি দিয়া নহব। মাটিক লৈ কোনো কাৰণতেই আপোচ কৰা নহব।অসমৰ মাটিৰ স্বাৰ্থত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ সদায় মুখ্যমন্ত্ৰীৰ লগত থাকিব।মিজোৰাম চৰকাৰে মুখ্যমন্ত্ৰী গৰাকীৰ ওপৰত যি গোচৰ তৰিছে,সেইয়া মানি লব নোৱাৰো- এই মন্তব্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাৰ। দেওবাৰে অৰ্থাৎ ১ আগষ্টত নলবাৰীৰ চহৰৰ সমীপৱৰ্তী জাপাৰকুছি গ্ৰাম্য পুথিভঁৰাল প্ৰাংগনত অনুষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ অভিবৰ্তন অনুষ্ঠানত এইদৰে মন্তব্য কৰে যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে পুৱাৰ ভাগত পৰিষদৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰে ক্ৰমে পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা আৰু সাধাৰণ সম্পাদক কৌশিক বৰ্মনে।তাৰ পিছতেই জাতীয় মহিলা পৰিষদৰ বিশেষ অভিবৰ্তন খন আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই। পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে আঁত ধৰা আৰু সভাপতি পাৰ্থপ্ৰতীম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অভিবৰ্তন খনত উপস্থিত থাকি ভাষণ আগবঢ়ায় ক্ৰমে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিশ্বজিত বৰুৱা, ভবেশ কাকতি,সহকাৰী সাধাৰণ সম্পাদক বিজন বায়ন,শিক্ষা সম্পাদক মৃনাল কুমাৰ বৰ্মনে।উক্ত সভাতেই জাতীয় মহিলা পৰিষদ গঠনৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱা সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা প্ৰণৱজ্যোতি কলিতাক সম্বৰ্ধনা জনোৱা হয়। আনহাতে, বিষয় বাচনি সভাত পম্পী দেৱীক সভানেত্ৰী,জুতিকা শৰ্মাক সাধাৰণ সম্পাদিকা,কুণ্ডশ্ৰী বৰ্মন আৰু টুটুমনি শৰ্মাক উপ সভানেত্ৰী,অৰ্চনা দত্ত আৰু মৃদুস্মিতা ৰাজবংশীক যুটীয়া সম্পাদিকা হিচাপে লৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন “জাতীয় মহিলা পৰিষদ”ৰ,নলবাৰী জিলা সমিতি খন গঠন কৰা হয়। by sahil mallick