অসমৰ চাৰিগৰাকী গৃহৰক্ষী জোৱানলৈ বঁটা প্ৰদানৰ সিদ্ধান্ত

অসমৰ চাৰিগৰাকী গৃহৰক্ষী জোৱানলৈ বঁটা প্ৰদানৰ সিদ্ধান্ত

অনলাইন বাৰ্তাসেৱা – দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে অসমৰ চাৰিগৰাকী গৃহৰক্ষী জোৱানলৈ বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। তেওঁলোকৰ নিজৰ কৰ্মক্ষেত্ৰ খনত বিশেষ মেধাৱী আৰু দায়িত্বশীল সেৱাৰ বাবে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা মেডেল প্ৰদানৰ অনুমোদন জনাইছে দেশৰ ৰাষ্ট্ৰপতিয়ে।

গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদকৰ বাবে নিৰ্বাচিত জোৱানসকল হৈছে চুবেদাৰ মোহিনী মোহন শৰ্মা (গৃহৰক্ষী), প্লেটুন কমাণ্ডাৰ গণেশ ডেকা (গৃহৰক্ষী), হাবিলদাৰ হৰেশ্বৰ বৰগোহাঁই (গৃহৰক্ষী) আৰু কনিষ্টবল অসীম কুমাৰ কৰ (গৃহৰক্ষী)।