অসমৰ উন্নয়নত গ্ৰাম্য অৰ্থনীতি – জুৰি শইকীয়া

pc কৃষি - vikaspedia

অসমৰ উন্নয়নত গ্ৰাম্য অৰ্থনীতি

জুৰি শইকীয়া

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩১২.০৫ লাখ আৰু সৰ্বমুঠ জনসংখ্যাৰ ৮৬% লোকেই গাঁৱত বাস কৰে । ভাৰতবৰ্ষখনেই কৃষি প্ৰধান হোৱাৰ লগতে অসমৰো প্ৰায় ৭০% লোক কৃষিৰ লগত জড়িত । কৃষিয়ে গ্ৰামাঞ্চলৰ আৰ্থ সামাজিক দিশত মূল ভূমিকা পালন কৰে যদিও দেশৰ ঘৰুৱা উৎপাদনলৈ কৃষিখণ্ডৰ অৱদান ১৫% তলত কিন্তু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত এই হাৰ আছিল ৫০% । দেশৰ অন্নদাতা বুলি খেতিয়কসকলক কোৱা হয় যদিও বিভিন্ন কাৰণত কৃষিৰ উৎপাদন গাওঁবোৰত কমি আহিছে ।

জনসংখ্যাৰ বিস্ফোৰণ , আওপুৰণি কৃষি পদ্ধতি , নিম্নতম বজাৰ ব্যৱস্থা, খেতিয়কে উচিত মূল্য নোপোৱা , বানপানীৰ সমস্যা আৰু বৰ্তমান বনৰীয়া হাতীৰ উপদ্ৰপ আদি কৈ শেষ কৰিব নোৱাৰা এইসকলোবোৰ সমস্যা মিলি খেতিয়কৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে । জনসংখ্যা বৃদ্ধিৰ ফলত খেতি মাটিৰ পৰিমাণ কমি আহিছে । চৰ অঞ্চলত অবৈধ ভাবে ঘৰ দুৱাৰ সাজি মাটিসমূহ দখল কৰি লৈছে কৃষি ভূমিসমূহ । ইটাৰ ভাটা আৰু অন্যান্য বহুতো উদ্যোগ গঢ়ি উঠিছে খেতি উপযোগী মাটিত । যিখিনি মাটি আছে সেইখিনিও আওপুৰণি খেতিৰ সঁজুলীৰ দ্বাৰাই খেতি কৰি থকা দেখা যায় গাওঁবোৰত । পাৱাৰ টিলাৰ , ট্ৰেক্টৰ , শস্য কটা যন্ত্ৰ , মৰণা মৰা যন্ত্ৰৰ ব্যৱহাৰ কৰি খেতিয়কসকলে খেতি কৰিবলৈ লৈছে যদিও সেয়া পৰ্যাপ্ত পৰিমাণৰ নহয় । যেনেতেনে কপালৰ ঘাম মাটিত পেলাই মাটিখিনিত খেতি কৰাৰ পাছতো পানীৰ সমস্যাই দেখা দিয়ে । পথাৰবোৰত অদ্যপি জলসিঞ্চনৰ ব্যৱস্থা নাই গাওঁবোৰত । কেতিয়াবা প্ৰবল বৃষ্টিপাতৰ ফলত আকৌ কেতিয়াবা খৰাং বতৰৰ বাবে খেতিসমূহ নষ্ট হৈ যায় । প্ৰতি বছৰেই দুটা তিনিটা বানপানী আহিও খেতিৰ লগতে গৰু-গাই , ঘৰ-দুৱাৰো একেবাৰে শেষ কৰি যায় । তাৰোপৰিআচল খেতিয়কসকলে ফচলৰ উচিত মূল্য নাপায় । কেৱল ধান বুলিয়েই নহয় মাহজাতীয় শস্য , পাচলি , বাৰীৰ কল বা অন্যান্য ফলমূল বিক্ৰীৰ বাবে বজাৰৰ অভাৱ এতিয়াও । নিম্ন মানদণ্ডৰ বজাৰ ব্যৱস্থা এতিয়াও প্ৰচলিত গাওঁবোৰত । অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত মূখ্য ভূমিকা লোৱা এই বজাৰসমূহৰ আন্তঃগাথনি অতি দুৰ্বল । বেছিভাগেই অশিক্ষিত বা অৰ্ধশিক্ষিত মানুহখিনিহে গাঁৱত খেতি বাতিৰ লগত জড়িত হৈ থাকে আৰু তেওঁলোকেই এই বজাৰবোৰত বস্তু বেচা কিনা কৰে । শিক্ষিত বা ধনী মানুহখিনিয়ে সকলো সুবিধাযুক্ত শ্বপিং মল আদিত বজাৰ কৰে ।কৃষি পদ্ধতি , বজাৰ ব্যৱস্থা আদিৰ উন্নিতকৰণ কৰিলে নিশ্চয় কৃষিয়ে অসমৰ অৰ্থনৈতিক উন্নয়নত মূখ্য ভূমিকা লৈয়েই থাকিব ।

অসমৰ অৰ্থনৈতিক উন্নতিত অৰিহনা আগবঢ়োৱা আন এক গুৰুত্বপূৰ্ণ গ্ৰাম্য শিল্প হ’ল কুটীৰ শিল্প । বয়ন শিল্প , বাঁহ বেতৰ আচবাব তৈয়াৰ , মৃৎ শিল্প , কাঠৰ আচবাব তৈয়াৰ আদিবোৰে গ্ৰাম্য অৰ্থনীতিৰ উন্নীতকৰণত বিশেষ ভূমিকা আগৰে পৰা পালন কৰি আহিছে । কিন্তু বৰ্তমান বিশ্বায়নৰ যুগত গাঁৱত প্ৰস্তুত হোৱা এইবোৰ সামগ্ৰীৰ চাহিদা কমি আহিছে । বাহিৰৰ পৰা অহা বস্তুৰ প্ৰতি অহেতুক প্ৰীতি আৰু মোহে থলুৱা উৎপাদিত সামগ্ৰীৰ মূল্য হ্ৰাস কৰিছে । তাঁতৰ পাতত সপোন ৰচা অসমীয়া শিপিনীৰ গামোচা , পাটৰ কাপোৰ আদিৰ ঠাই দখল কৰিছে বহিৰাগত মেচিনত বোৱা কাপোৰে । কৃত্ৰিম চাকি , জাকজমকীয়া লাইটৰ প্ৰতিহে অধিক আকৃষ্ট হৈ পৰা মানুহখিনিৰ বাবে মৃৎ শিল্প প্ৰায় মৃতপ্ৰায় আজি । মেচিনত তৈয়াৰী আচবাবতকৈ হাতেৰে তৈয়াৰী আচবাবত সময় আৰু কষ্ট হয় অধিক । চৰকাৰ আগবাঢ়ি আহিলে এই উদ্যোগসমূহ পুণৰ জী উঠিব লগতে অসমৰ অৰ্থনীতিৰ সামগ্ৰিক উন্নতি হোৱাৰ লগতে নিবনুৱা সমস্যাৰ বহুখিনি সমাধান হ’ব ।

দুগ্ধ উৎপাদন আৰু মীন পালন এই দুটাইও গ্ৰাম্য অৰ্থনীতিৰ উন্নীতকৰণত বিশেষ ভূমিকা পালন কৰিব পাৰে । গাওঁবোৰত গৰু গাই পুহিবলৈ সহজ হোৱাৰ লগতে গাখীৰৰ চাহিদা বহুত বেছি । বৰ্তমান অসমত ৫০ হাজাৰ লিটাৰ গাখীৰ উৎপাদন হয় যদিও আমাৰ উৎপাদিত দুগ্ধ পৰ্যাপ্ত নহয় । সেয়েহে প্ৰতিদিনে আমাৰ ৰাজ্যখনে দুই লক্ষ্য লিটাৰ গাখীৰ বাহিৰৰ পৰা আনিব লগা হৈছে। যদি আমি দৃঢ় সংকল্প লৈ গাখীৰৰ উৎপাদন বৃদ্ধি কৰিব পাৰো তেন্তে বিশেষ সংৰক্ষণ পদ্ধতিৰে সংৰক্ষণ কৰা গাখীৰৰ সলনি আমাৰ দ্বাৰা উৎপাদিত বিশুদ্ধ , স্বাস্থ্যসন্মত গাখীৰ পাব পাৰো ।

মৎস্য পালনৰ ক্ষেত্ৰতো পৰ্যাপ্ত নহয় আমাৰ উৎপাদিত মৎস্য । মাছ পালন কৰিবলৈ আগৰ দৰে বিল , পুখুৰীৰো অভাৱ এতিয়া । বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন প্ৰজাতিৰ মাছ একেটা পুখুৰীতে পালন কৰি মীনপালকসকলে একেখিনি পানীৰ পৰা অধিক উৎপাদন পাব পাৰে ।

গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণৰ উদ্দেশ্যৰে চৰকাৰে পৰ্যাপ্ত আৰু ফলপ্ৰসূ আঁচনি প্ৰস্তুত কৰিলে গ্ৰাম্য সমাজৰ উন্নতিৰ লগতে অসমৰ সামগ্ৰিক অৰ্থনীতিৰো উন্নতি হ’ব । গাওঁবোৰৰ বহুত সমস্যাই নোহোৱা হৈ যাব , উজ্জ্বলি উঠিব গাওঁবোৰ । ইয়াৰ বাবে চৰকাৰ আৰু আমাৰ প্ৰচেষ্টা দুয়োটাই লাগিব ।