অসমে ১৪ হাজাৰ কোটি টকাৰ ঋণ ল’ব পৰা হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ অনুভৱ কৰিছোঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Pc The Econnomic times

অসমে ১৪ হাজাৰ কোটি টকাৰ ঋণ ল’ব পৰা হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ অনুভৱ কৰিছোঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদনত বিক্ৰী কৰ আৰু অন্যান্য কৰ শিতান সন্দৰ্ভত সদনত কৰ্তন প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাকালত বিৰোধীৰ একাংশই ৰাজ্য চৰকাৰে ঋণ লোৱাক লৈ সমালোচনাত সৰৱ হৈ পৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে বিৰোধীৰ  সমালোচনাৰ উত্তৰ দি কয় যে ৰাজ্য চৰকাৰে নিজৰ ইচ্ছা অনুসৰি কোনো ঋণ ল’ব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰ, বিজাৰ্ভ বেংক আৰু বিধানসভাৰ অনুমতি লৈহে চৰকাৰে ঋণ ল’ব পাৰে। পূৰ্বৰ সদনত অসম বিধানসভাই অসম চৰকাৰৰ জিডিপিৰ ওপৰত ৩.৫ শতাংশ ঋণ লোৱাত অনুমতি দিছে। সেই সময়ত এই বিধেয়ক উত্থাপনৰ সময়ত কোনেও কোনো সংশোধনী পর্যন্ত অনা নাছিল। উক্ত বিধানসভাতেই ৰাজ্য চৰকাৰক তিনি শতাংশৰ পৰা ৩.৫ শতাংশলৈ ঋণ লোৱাৰ অনুমতি প্রদান কৰে। বিৰোধীয়ে ৰাজ্য চৰকাৰক ঋণ লোৱাক লৈ সমালোচনা কৰে। কিন্তু সম্পদ বৃদ্ধিৰ কথা কোনেও নকয়। যোৱা তিনিটা বছৰত অসমত জিডিপি দ্রুতগতিত বৃদ্ধি হৈছে। এই সময়ছোৱাত ১২.৩ শতাংশলৈ জিডিপি বৃদ্ধি হৈছে। অসম চৰকাৰে ইতিমধ্যে ১৬ হাজার কোটি টকাৰ ঋণ লোৱাৰ অনুমতি পাইছে। কিন্তু চৰকাৰে এই বছৰ ১৪ হাজাৰ কোটি টকাহে ঋণ ল’ব। এতিয়ালৈ অসম চৰকাৰে ৭,৫০০ কোটি টকাৰ ঋণ লৈছে আৰু এই বছৰতে ২,৫০০ কোটি টকা ওভতাই দিব।সদনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰে অহা বছৰত ১৮ হাজাৰ কোটি টকা আৰু পৰৱৰ্তী বৰ্ষত ২২ হাজাৰ কোটি টকাৰ ঋণ ল’ব। অসমৰ বিপৰীতে ৰাজ্যিক জিডিপি ভিত্তিত কেৰালাই ৬৫ শতাংশ, পঞ্জাবে ৫২.৮ শতাংশ, পশ্চিমবংগই ৩৫ শতাংশ, ৰাজস্থানে ৩৩ শতাংশ, অসমে ২২ শতাংশহে ঋণ লৈছে। এই বছৰ অসমে বছৰটোত এক লাখ কোটি টকা খৰচ কৰিব নোৱাৰিলেও ৯৬ হাজাৰ কোটি টকা খৰচ কৰিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ইয়াৰে ১৪ হাজাৰ কোটি টকাহে ঋণৰ টকা। যিসকল বিধায়কে ঋণ লোৱাৰ বিৰোধিতা কৰে, তেওঁলোকক সমষ্টিত আৰ আই ডি এফৰ কাম নালাগে বুলিও ক’বলৈ আহ্বান জনায়। ঋণৰ বিপৰীতে প্রত্যেক বছৰে অসমত সম্পদ বৃদ্ধি পাই আহিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে মূলধনী ব্যয়ৰ বাবেই অসমে ঋণ ল’ব পাৰে। যিমানেই মূলধনী ব্যয় বৃদ্ধি পাব, সিমানেই আন্তঃগাঁথনি উন্নয়ন হ’ব। ক’ভিড কালতো অসমৰ জিডিপিৰ বিকাশ ১২.৫ শতাংশ বৃদ্ধি পোৱাটো কম কথা নহয়। স্বাধীনতাৰ ৭০ বছৰলৈ অসম তিনিখন মেডিকেল কলেজতে সীমাবদ্ধ থাকিবলগীয়া হৈছিল এনেধৰণৰ সংৰক্ষণশীল মানসিকতাৰ বাবে। ঋণ অবিহনে অসমমালাৰ অধীনত বাট-পথ কেনেদৰে নির্মাণ হ’ব, নতুন নতুন মেডিকেল কলেজ কেনেদৰে নিৰ্মাণ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্রশ্ন কৰে। এইবাৰ অসমে ১৪ হাজাৰ কোটি টকাৰ ঋণ ল’ব পৰা হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিচাপে তেওঁ গৌৰৱ অনুভৱ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত জিডিপিৰ ৩.৫ শতাংশত মূল্য আছিল ৬ হাজাৰ কোটি টকা।