অসমত দৰিদ্ৰতাৰ অভিলেখ স্থাপনৰ বাবে কাম কৰিছে ড° হিমন্ত বিশ্ব শৰ্মাইঃঅসম তৃণমূল কংগ্ৰেছ

অসমত দৰিদ্ৰতাৰ অভিলেখ স্থাপনৰ বাবে কাম কৰিছে ড° হিমন্ত বিশ্ব শৰ্মাইঃঅসম তৃণমূল কংগ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমক দেশৰ ৫ ৰাজ্যৰ এখন কৰাৰ প্ৰতিশ্ৰুতি দিয়া ড° হিমন্ত বিশ্ব শৰ্মাই আচলতে বাস্তৱত কি কৰিছে তাৰ আচল ৰূপ স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ তথ্যত বাৰে বাৰে ওলাই পৰিছে।সোমবাৰে সংসদত তথ্য আৰু কাৰ্যসূচী ৰূপায়ণ বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাও ইন্দৰজিৎ সিঙে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যাৰ সন্দৰ্ভত প্ৰকাশ কৰা তথ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰিছে অসম তৃণমূল কংগ্ৰেছে।এক বিবৃতিত দলটোৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয়,’ অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা ১ কোটিতকৈও অধিক। ভাৰতবৰ্ষৰ ৩৫ ৰাজ্যৰ ভিতৰত এই সংখ্যা অষ্টম সৰ্বাধিক।অৰ্থাৎ বিজেপি চৰকাৰে অসমৰ ৰাইজৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ তিলমাত্ৰও প্ৰয়াস কৰা নাই। কথাই কথাই মিছা তথ্যৰে অসমৰ অৰ্থনৈতিক অৱস্থা ভাল বুলি আভুৱা ভাৰাত পাকৈত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নিৰ্বাচনমুখী এজেণ্ডা পূৰণ কৰি কেৱল হিতাধিকাৰী সৃষ্টিকেই মুখ্য ব্ৰত হিচাপে ভাৱি লৈছে। কৰ্মসংস্থাপন সৃষ্টি, উৎপাদনশীলতা বৃদ্ধি আদিৰে অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰি জনমূৰি আয় বৃদ্ধিৰ চিন্তা কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী কেৱল ব্যস্ত ভোট বেংকৰ অংকত। অধিক সংখ্যক মানুহক কেনেকৈ দৰিদ্ৰ কৰি ৰাখিব পাৰি, সেয়াহে এতিয়া বিজেপিৰ এজেণ্ডাৰ সফলতাৰ মাপকাঠি। আৰু তেওঁলোকৰ এই মানসিকতাৰ বাবেই আজি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা দিনক দিনে ভয়াৱহ গতিত আগবাঢ়িছে। আৰু এই কথা বিৰোধী বাদেই দিয়ক, স্বয়ং বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে বাৰে বাৰে উদঙাই দিছে। এতিয়া দায়িত্ব জনসাধাৰণৰ। ৰাজ্যখনক ইচ্ছাকৃতভাৱে দৰিদ্ৰৰ পৰা দৰিদ্ৰতৰ কৰি লৈ যোৱা মুখ্যমন্ত্ৰী বা বিজেপিক প্ৰত্যাখ্যান কৰাটো সময়ৰ দাবী। তেওঁলোকৰ মিঠা মিঠা লগা মিছা কথাবোৰ ৰাইজে অনুধাৱন কৰক।লগতে আমি শাসনত থকা অৱশিষ্ট সময়খিনিত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ পদক্ষেপ লৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা হ্ৰাসৰ বাবে কাম কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনালো।অৱশ্যে উক্ত তথ্য ২০১১-১২ চনৰ। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ শেহতীয়া সংখ্যা আৰু কেইবাগুণো যে অধিক হ’ব সেয়া নিশ্চিত।’