অষ্ট আকাশ-ময়ুৰী গোস্বামী

pc-Flickr

অষ্ট আকাশ

সৰাপাতৰ দলিচাৰে ফাগুনৰ গধুলি..
তেওঁ অহাৰ কথা।
তেওঁৰ বাবে অপেক্ষাৰত
মোৰ হৃদয়ত এতিয়া
ৰূপালী বৰণীয়া জোনাক।।
তাতে পলাশৰ তেজাল ৰঙত
ভালপোৱাবোৰ ক্ৰমান্বয়ে সেউজীয়া হৈ পৰিছে।
এজাক বৰষুণৰ অপেক্ষাত থকা চাতক জনীৰ দৰেই মোৰ বৰ্তমান…
ফাগুনত তেওঁ আহিব..
এজাক কোমল ৰ’দত আমি একেলগে পলাশৰ ৰং চাম।
লগতে নদীৰ সীমনাত উপভোগ কৰিম
তামবৰণীয়া আবেলিৰ অষ্ট আকাশ।।

ময়ুৰী গোস্বামী
নতুন বালিগাওঁ, যোৰহাট