অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাৰ্নৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

pc. Daily Star

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাৰ্নৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- অষ্ট্ৰেলিয়াৰ প্ৰাক্তন লেগ স্পিনাৰ শ্বেন ৱাৰ্ন ৰ ৫২ বছৰ বয়সত মৃত্যু হৈছে।কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। থাইলেণ্ডৰ ক’হ ছামুইত ক্ৰিকেটাৰগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে বুলি শ্বেন ৱাৰ্নৰ মেনেজমেণ্টে এটা বিবৃতি প্ৰকাশ কৰে। ক’হ ছামুইৰ এক ভিলাত বিশ্রাম লৈ থকা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্রিকেটাৰগৰাকীক উঠাবলৈ চেষ্টা কৰা হৈছিল যদিও শ্বেন ৱাৰ্নৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাছিল আৰু লগে লগে ঘটনাস্থলীত চিকিৎসকৰ দল উপস্থিত হয় যদিও চিকিৎসকৰ দলটোৱে ক্রিকেটাৰগৰাকীক মৃত বুলি ঘোষণা কৰে বুলি শ্বেন ৱাৰ্নৰ মেনেজমেন্ট কোম্পানীটোৰ বিবৃতিটোত সদৰী কৰে।‘ৱাৰ্নি’ উপনামেৰে জনাজাত শ্বেন ৱাৰ্নে ১৯৯২ চনৰ পৰা ২০০৭ চনলৈ ক্ৰিকেট অষ্ট্রেলিয়াক প্রতিনিধিত্ব কৰি বহুকেইটা অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷ টেষ্ট কেৰিয়াৰত মুঠ ৭০৮টা উইকেট দখল কৰি বিশ্ব টেষ্ট ক্ৰিকেটত সর্বাধিক উইকেট দখল কৰা দ্বিতীয়গৰাকী বলাৰ ৰূপে কৃতিত্ব অর্জন কৰা শ্বেন ৱাৰ্নে ১৯৯২ চনৰ ২ জানুৱাৰীত ভাৰতৰ বিপক্ষে খেলি টেষ্ট অভিষেক ঘটাইছিল। ১৫ বছৰীয়া আন্তর্জাতিক ক্রিকেটত শ্বেন ৱাৰ্নে ১৪৫খন টেষ্ট আৰু ১৯৪খন এদিনীয়া মেচত অষ্ট্রেলিয়াক প্রতিনিধিত্ব কৰিছিল। কিংবদন্তি স্পীনাৰগৰাকীয়ে এদিনীয়া ক্রিকেটতো ২৯৩টা উইকেট দখল কৰে। ১৯৬৯ চনৰ ১৩ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াৰ ভিক্টৰিয়াত জন্মগ্ৰহণ কৰা শ্বেন ৱাৰ্নে ২০০৭ চনৰ ২ জানুৱাৰীত ইংলেণ্ডৰ বিপক্ষে কেৰিয়াৰৰ অভিমখন টেষ্ট খেলাৰ বিপৰীতে ২০০৫ চনৰ ১০ জানুৱাৰীত এছিয়া একাদশৰ বিপক্ষে অভিমখন এদিনীয়া মেচ খেলিছিল। ২০১৩ চনত সকলোধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা কিংবদন্তি ক্রিকেটাগৰাকীয়ে ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি-২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ সৈতেও জড়িত আছিল।