অলিম্পিকলৈ প্রতিনিধিৰ সলনি অধিক ছাপ’ৰ্ট ষ্টাফ প্ৰেৰণৰ সিদ্ধান্ত লৈছে ক্রীড়া মন্ত্রালয়ে

pc Wikipedia
অনলাইন বাৰ্ত্তাসেৱা – এইবাৰ ভাৰতে অলিম্পিকলৈ কোনো প্রতিনিধিক প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। ইয়াৰ পৰিৱৰ্তে ভাৰতীয় এথলীট সকলৰ লগতে অধিকসংখ্যক সহায়কাৰী ব্যক্তিকহে প্ৰেৰণৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ অৰ্থ হ’ল এইবাৰ অলিম্পিকগামী ভাৰতীয় দলটোৰ সৈতে যাব পূৰ্বতকৈ অধিক প্রশিক্ষক, ফিজিঅ’থেৰাপিষ্ট, চিকিৎসক আদি। মূলতঃ কৰ’নাকেন্দ্ৰিক পৰিৱেশৰ বাবে কোনো খেলুৱৈ কৰ’নাত আক্রান্ত হলে তেওঁ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিবলৈ ভাৰতৰ ক্ৰীড়া মন্ত্ৰণালয়ে গ্ৰহণ কৰে এই সিদ্ধান্ত।