অলকানন্দা নুসুধিবা মোৰ খবৰ- মৃদুলা বৰুৱা 

Pc Unsplash
অলকানন্দা নুসুধিবা মোৰ খবৰ
মৃদুলা বৰুৱা 
অলকানন্দা
কিয় বাৰে বাৰে আমনি কৰিছা
মোৰ খবৰ সুধি ?
হৃদয়ৰ গোপন কোণত সজা
সপোনবোৰ ভাঙি
কিহৰ অভিনয় কৰিছা ?
যিদিনা মোৰ
ৰক্ত গোলাপৰ পাহি চিঙি
নিজৰ বাগিচা সজাইছিলা
সেইদিনাই তোমাৰ বাবে মই
অচিনাকি হৈ পৰিছিলোঁ ।
হয়তো তুমি জানিছিলা
মোৰ সপোন নাঙলৰ মুঠিত বুলি
সেয়ে কিজানি দলিয়াই দিছিলা
মোৰ সঁচা ভালপোৱাক ।
জানা অলকানন্দা
কিছুদিন তোমাৰ স্মৃতিয়ে
বৰকৈ আমনি কৰিছিল,
কিন্তু এতিয়া…
এতিয়া নালাগে তোমাৰ সঁহাৰি
নোপোৱাৰ বেদনাত
চটফটাই থকা নাই মই ,
আনৰ দৰে প্ৰেমিকাৰ স্মৃতিত
তেজেৰে হাত ৰাঙলী কৰা নাই মই,
সেয়ে অলকানন্দা
নুসুধিবা মোৰ খবৰ
মই এতিয়া সুখী , বহুত সুখী ।