অমৰ শ্বহীদ মুকুন্দ কাকতিৰ ৮০ সংখ্যক মৃত্যু দিৱস উপলক্ষে প্ৰতিমূৰ্তিত শ্ৰদ্ধঞ্জলি জ্ঞাপন

অমৰ শ্বহীদ মুকুন্দ কাকতিৰ ৮০ সংখ্যক মৃত্যু দিৱস উপলক্ষে প্ৰতিমূৰ্তিত শ্ৰদ্ধঞ্জলি জ্ঞাপন

অনলাইন বাৰ্ত্তাসেৱা – ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অমৰ শ্বহীদ, নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ সোণকানি গাৱৰ সু-সন্তান, মুকুন্দ কাকতিৰ আজি ৮০ সংখ্যক মৃত্যু দিৱস উপলক্ষে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমতিয়ে তেখেতৰ জন্ম গাওঁ সোণকানি সহিত প্ৰতিমূৰ্তিত শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ উপ-সভাপতি সঞ্জয় কলিতা, সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা, বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি চিন্ময় পৰাশৰ, সাধাৰণ সম্পাদক ময়ুৰ ৰহমান আৰু কাৰ্যনিৰ্বাহক সদস্য আৱিনাশ দাস উপস্থিত থাকি বীৰ শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।