অম্বুবাচী মেলালৈ বিভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰ আগমণ

Pc The Janambhumi

অম্বুবাচী মেলালৈ বিভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰ আগমণ

ৰঙিলী বাৰ্ত্তাসেৱা- মহামিলনৰ তীৰ্থত পৰিণত নীলাচল।২২ জুনৰ পৰা আৰম্ভ হোৱা অম্বুবাচী মেলালৈ হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ আগমণ ঘটিছে।শক্তিপীঠ কামাখ্যাত দেশৰ বিভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীয়ে ভিৰ কৰিছে।কিন্তু অম্বুবাচীলৈ অহা ভক্তৰ দেহত ধৰা পৰিছে ক’ভিড প’জিটিভ৷ পশ্চিমবংগৰ পৰা অহা ভক্তৰ দেহত ধৰা পৰিছে ক’ভিড।কামাখ্যাৰ চৌহদত ক’ভিড টেষ্ট কৰা হৈছিল লোকজনক।সেই পৰীক্ষাতেই ব্যক্তিগৰাকীৰ দেহত কভিডৰ উপস্থিতি ধৰা পৰে।পশ্চিম বংগৰ পৰা অহা তীৰ্থযাত্ৰীজনক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে।যাৰ বাবে মন্দিৰ প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই মেলাৰ সময়ত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে যাতে ক’ভিড-১৯ৰ ক্ষেত্ৰত সংক্ৰমণ বৃদ্ধি নহয়।উল্লেখযোগ্য যে, ভাৰতত পুনৰ বৃদ্ধি হৈছে কৰ’নাত আক্ৰান্তৰ সংখ্যা৷