অব‍্যক্ত-পাৰ্থপ্ৰতীম শৰণীয়া

Pc-wordpress

অব‍্যক্ত

ক’বতো নোৱাৰো
তোমালৈ পাখি লাগি উৰি যায় নে নাই
অব‍্যক্ত কথাবোৰ!
এখোজে দুখোজে সম্ভাৱনাখিনি
মোৰ দুচকুত জিলমিল অহোৰাত্ৰি।

জানো তুমি নৈ ভালপোৱা
আৰু নৈৰ দৰে মানুহবোৰ…

পিছে ময়ো বৈ যোৱা নদীখন ভালপাওঁ
কলিজাত সিপাই যোৱা প্ৰৱাহখিনি
মোৰ ভাল লাগে।

নিসংগতাত হাবুডুবু খাই
ছাঁটোকে তোমাৰ কামিজ পিন্ধাও
সি কয়
তই বৰ পাগল প্ৰেমিক বুজিছ’।

পাৰ্থপ্ৰতীম শৰণীয়া