অব্যক্ত : অভিজিত দত্ত

অব্যক্ত

গল্প: অভিজিত দত্ত

মানুহজন চেন্নাইৰ অলিয়ে গলিয়ে দিনটো ঘূৰি থাকিল। তেওঁৰ বাবে ৰৈ থাকিল তেওঁৰ ভনী জোৱায়েক।

তেওঁৰ নাম শৰৎ বৰুৱা। শাৰদী বৰুৱাৰ স্বামী শৰৎ বৰুৱা প্ৰায় ষাঠিৰ ওচৰা ওচৰি। আজি দুমাহমান আগৰ পৰা তেওঁৰ পত্নী শাৰদীয়ে ভালকৈ খাব নোৱাৰা হল। শাৰদী লাহে লাহে দুৰ্বল হৈ পৰিল। খোজ কঢ়াটো দূৰৰ কথা, শাৰদীয়ে সকলো সময়তেই শুই থাকিবলৈ মন কৰা হ’ল।

শৰৎ বৰুৱাৰ হাহাকাৰ লাগিল। ঘৰখনত বৰুৱাৰ বাবে ৰৈ থকা মাত্ৰ এটি প্ৰাণীয়েই বেমাৰত ভুগি থকা দেখি তেওঁৰ তৎ হেৰাল।

শৰৎ বৰুৱা আৰু শাৰদীয়ে সতি-সন্ততিৰ মুখ নেদেখিলে। পিছে সেই কথাটো লৈ তেওঁলোকে কাহানিও দুখ কৰা দেখা নাযায়। বৰং দুয়োজনেই নিজৰ মাজতেই মগন হৈ সময় অতিবাহিত কৰা দেখিলে চিনাকিসকলৰ হিংসাহে হ’য়। দুয়োজনেই যেন দুয়োৰে পৰিপূৰক। শৰৎ বৰুৱাই সেই দিনটো প্ৰাতঃভ্ৰমণ কৰাৰ পৰা নিশা পাটিত পৰালৈকে শাৰদীৰ কাষতেই থাকে।

সেই শাৰদীৰ অসুখৰ কথা জানিবলৈ পাই শৰৎ বৰুৱাই মনটোত বৰ দুখ পালে। দুদিনমান ডিব্ৰুগড়ৰ মেডিকেল কলেজত চিকিৎসা কৰি তেওঁ শাৰদীক চেন্নাইলৈ নিয়াৰ সিদ্ধান্ত এটা লৈ পেলালে। তেওঁ লগত যাবলৈ ভনী জোৱায়েক ৰবীনক অনুৰোধ কৰিলে। বৰুৱাক ভাল পোৱা ৰবীনে বাকী সকলো কাম এৰি সৌ সিদিনা শৰৎ আৰু শাৰদীৰ সতে চেন্নাইলৈ যাত্ৰা আৰম্ভ কৰিলে।

শৰৎ বৰুৱা আহি মেৰিণা বিচ্চ পালেহি। এজাক শান্ত বতাহে বৰুৱাৰ অশান্ত মনটোক শান্ত কৰি তুলিছে। সৌ অদূৰত সাগৰৰ ঢৌবোৰে যেন কিবা এটা বিশেষ লয়ত উঠানমা কৰিছে। সাগৰৰ ঢৌৰ লহৰে লাহে লাহে বৰুৱাৰ চকুলৈ কঢ়িয়াই আনিছে শাৰদীৰ দেহটো উঠা নমা কৰা সেই নিশাবোৰৰ ছবিখন।

সেই সময়ত শাৰদী সন্তানসম্ভৱা হৈছিল। শাৰদীৰ তলপেটটো শৰৎ বৰুৱাই বৰ মনোযোগেৰে লক্ষ্য কৰিছিল। হঠাৎ শাৰদীৰ পেটটোত কিবা এটাই এক সৰু ঢৌৰ সৃষ্টি কৰিছিল। শাৰদীৰ মতে সেইয়া গৰ্ভত থিতাপি লোৱা সন্তানে লাহেকৈ গুৰিয়াই তাৰ অস্তিত্ব ঘোষণা কৰিছিল। শৰৎ বৰৱা নিশ্চিত হোৱা নাছিল। পিছলৈ চিকিৎসকে শাৰদীয়ে কোৱাৰ দৰেই একে কথাকেই কৈছিল। সেই সময়ত শৰৎ বৰুৱাই সন্ধিয়াতে আহি ঘৰ সোমাইছিল। শাৰদী আৰু তেওঁ মিলি ভাতসাজ ৰান্ধি ঘন্টাৰ পিছত ঘন্টা তেওঁ কণমানিৰ অস্তিত্বক চুবলৈ প্ৰয়াস কৰিছিল। কেতিয়াবা তেওঁ সফল হৈছিল। আন কেতিয়াবা শাৰদীৰ মৃদু তিৰস্কাৰৰ সন্মুখত সেও মানি তেওঁ পাটিত পৰিছিল। তেওঁ টোপনিত পৰোতেও শাৰদীৰ পেটটোত হাতখন থৈ দিছিল। জানোচা কণমানি সাৰ পাই উঠে? জানোচা সি অকলশৰীয়া অনুভৱ কৰে!

পিছে কণমানিটোৱে শাৰদী আৰু শৰৎ বৰুৱাক অকলশৰীয়া কৰি গুচি গৈছিল। দুদিনমান শৰৎ বৰুৱাই অকলশৰে নিজানত চকুলো টুকিছিল। শাৰদীয়ে কষ্ট পাব বুলি সেই একেজন বৰুৱাই শাৰদীৰ আগত নাটক কৰিবলগীয়া হৈছিল।

শৰৎ বৰুৱাই চোলাৰ আস্তিনেৰে এবাৰ চকুদুটা মচি ললে। ‘থাউজেণ্ড লাইটচ’ নামৰ ঠাইটুকুৰাত অৱস্থিত ‘লজ’টো অভিমুখে তেওঁ আগবাঢ়িল। অহাৰ পৰত তেওঁ অভ্যাসবশতঃ জেপখনত হাত ফুৰালে। হ’য়, মবাইলটো আছে। পিছে বেটেৰীৰ অভাৱত সি এতিয়া বন্ধ হৈ আছে।

শৰৎ বৰুৱা আহি ল’জ পালেহি। আজি ‘লিফ্ট’খন ব্যৱহাৰ কৰিবলৈ তেওঁৰ মন নগ’ল। তেওঁ লাহে লাহে দ্বিতীয় মহলাৰ তেওঁলোকৰ কোঠালৈ আগবাঢ়িল।

“ক’ত ঘূৰি আছেহে দাদা দিনটো? সেই হস্পিতাললৈ যাম বুলি কৈ মানুহটোৰ শুংসূত্ৰ নোহোৱা হ’ল। এইফালে ম’বাইলটোও বন্ধ কৰি থৈছে। কি হ’লনো? আৰু বৌৰ ৰিজাল্ট কি?” ৰবীনে একেলেথাৰিয়ে কথা কৈ থাকিল।

“কেনে ৰিপৰ্ট কওকচোন বৌৰ।” ৰবীনে আকৌ সুধিলে।

“বৌৱেৰা কত আছে?” শৰৎ বৰুৱাই ৰবীনক সুধিলে।

“টোপনি গ’ল অলপমান আগতে।”

“বৌয়েৰাৰ হাৰ্টখন মেৰামতি কৰাৰ সময় পাৰ হৈ গ’ল ৰবীন। হাতত একো সুবিধাই নাই অ।” শৰৎ বৰুৱাৰ মাতটোত কান্দোন এটা হৈ ভাহি আহিল।

ৰবীন স্তব্ধ হৈ পৰিল। ৰবীনৰ হাতখনে লাহে লাহে শৰৎ বৰুৱাৰ কান্ধখন পিহি থাকিল।

এসময়ত শৰৎ বৰুৱা স্বাভাৱিক হ’ল। তেওঁ লাহে লাহে শাৰদীৰ ওচৰ পালেহি। কাঠৰ চেয়াৰখনত বহি তেওঁ বেলকনিটোৰে বাহিৰলৈ চাই থাকিল। সৌ দূৰৰ আকাশত বিমান এখন উৰিছে। হয়তো সেইখন বিমানে আন কোনোবা শৰৎ আৰু শাৰদীক চেন্নাইলৈ কঢ়িয়াই আনিছে।

এসময়ত শাৰদীয়ে সাৰ পালে। শাৰদীয়ে শৰৎ বৰুৱাৰ পৰা তেওঁৰ বেমাৰটো সম্পৰ্কে জানিবলৈ বিচাৰিলে। গোকাট ফাকি এটা মাৰি শৰৎ বৰুৱাই ভাত খোৱাৰ অজুহাতত শাৰদীক অলপ সময়ৰ বাবে এৰি থৈ আহিল।ৰবীনে ইতিমধ্যে লাগতিয়াল জুলীয়া দ্ৰব্যখিনি শাৰদীক যোগান ধৰিছে।

নিশালৈ শাৰদীৰ কাষত গাটো থৈ শৰৎ বৰুৱা অলপ সময়ৰ বাবে আকৌ ভাবুক হৈ পৰিল। শাৰদীৰ টোপনিৰ সুযোগত তেওঁ লাহেকৈ বিচনাৰ পৰা উঠি কোঠাটোত থকা টেবুলখনৰ ওচৰ পালেহি। ম’বাইলটো চাৰ্জত দিয়া বাবে এতিয়া সক্ৰিয় হৈ পৰিছে। শৰৎ বৰুৱাই শাৰদীৰ অসুখটো সম্পৰ্কে ম’বাইলটোত চাৰ্চ কৰা আৰম্ভ কৰিলে।

হ’য়। সচাকৈয়ে এইয়া এক মাৰাত্মক অসুখ। হয়তো শাৰদী আৰু মাত্ৰ কেইদিনমানহে এই পৃথিৱীত থাকিব। তাৰ পিছতেই শৰৎ বৰুৱা অকলশৰীয়া হৈ পৰিব। পৃথিৱীখন বোজা এটা হৈ তেওঁৰ মূৰত আকাশ খহাৰ দৰে খহি পৰিব। শৰৎ বৰুৱা অকলশৰীয়া হব।

তেতিয়ালৈ বেলিটি ওলাল। শৰৎ বৰুৱা আনমনা হৈ বহিয়েই থাকিল। ইমান সময়ে আচলতে তেওঁ শাৰদীৰ কথাকেই ভাবি আছিল। শাৰদীৰ প্ৰতি থকা প্ৰেম যেন দুখ এটি হৈ তেওঁৰ ডিঙিৰে উজাই আহিছিল। দুখটোৱে তেওঁৰ বুকুখনত খুন্দা মাৰিছিল। দুখটোৱে তেওঁৰ চকূদটাত আশ্ৰয় লৈ চকুযোৰ পানীৰে চলচলীয়া কৰি তুলিছিল।

হঠাৎ শৰৎ বৰুৱাৰ তন্ময়তা ভাঙিল। ম’বাইলটোৱে টিং টিং কৈ মেচেজ এটা অহাৰ সংকেত দিলে। বৰুৱাই লাহেকৈ তেওঁৰ মেচেছ বক্সটো খুলি চালে। তেওঁৰ মুখখন লাহে লাহে এপাহি ফুলৰ দৰে প্ৰফুষ্টিত হৈ পৰিল। তেওঁ দুবাৰমান নিজৰ চকুদুটাকেই বিশ্বাস কৰিবলৈ টান পালে।

হ’য়। তেওঁ ঠিকেই পঢ়িছে। দোকমোকালিতেই তেওঁৰ ম’বাইলটোলৈ মেচেজটো আহিছে। শাৰদীৰ সতে আহি তেওঁ ৰবীনৰ পৰামৰ্শ অনুসৰি তেওঁৰ ডিঙিটো পৰীক্ষা কৰি চাইছিল। চিকিৎসকৰ মেচেজ আছিল সেইটো। মেচেজটোৱে তেওঁৰ ডিঙিত কৰ্কটে বাঁহ লোৱা কথাটো নিশ্চিত কৰিছিল। চিকিৎসকৰ ভাষাত বৰুৱাৰ অসুখটোৱে তৃতীয় স্তৰত প্ৰবেশ কৰিছে।

শৰৎ বৰুৱাৰ মনটো আকৌ পুলকিত হৈ পৰিল। তেওঁ লাহেকৈ গৈ নিদ্ৰাৰত শাৰদীৰ কাষত শুই পৰিল। শুই থকা শাৰদীৰ চুলি এডালে তেওঁৰ কপালত চুমুক দিছিল। শৰৎ বৰুৱাই সন্তৰ্পণে সেই চুলি চুই চালে।

সেই নিশালৈ আচৰিত ঘটনা এটা ঘটিল। শৰৎ বৰুৱাৰ অজানিতেই তেওঁৰ হাতখনে শাৰদীৰ তলপেটটোত হাত বুলাই চুই থাকিল। শাৰদীয়েও বৰুৱাৰ হাতখনত সাৱটি ধৰি টোপনিত পৰি থাকিল। শাৰদীৰ গালে মুখে সন্তুষ্টিৰ আভা এটি বিয়পি পৰিল।

পিছদিনাৰ কথা। সপ্ৰতিভ বৰুৱাই ৰবীনক ওচৰৰ টিকট এজেন্সী এটালৈ পঠিয়ালে। ৰবীন আচৰিত হ’ল।

ৰবীন যোৱাৰ পিছত কোঠাটোত বহি থকা শৰৎ বৰুৱাই লাহেকৈ শাৰদীক কলে,

“শাৰদী, তোমাৰ হাতখন মোৰ চুই চাবলৈ মন গৈছে।”

কথাষাৰ কৈ শৰৎ বৰুৱাই শাৰদীৰ হাতখনত ধৰিলে। শাৰদীৰ মুখেৰে হাঁহি এটা বাগৰি আহিল। বহি থকা শাৰদীৰ মূৰটো শৰৎ বৰুৱাই লাহেকৈ নিজৰ বুকুখনেৰে আবৰি ধৰিলে।

নিজান কোঠাটো বাংময় প্ৰেমেৰে জাতিস্কাৰ হৈ পৰিল।