অবিৰত যাত্ৰী- ছাব্বিৰ আহমেদ

PC Enterpreneur
অবিৰত যাত্ৰী
             ছাব্বিৰ আহমেদ,নগাওঁ
জীৱন পথৰ অবিৰত যাত্ৰী আমি,
আগবাঢ়ি যাম হাজাৰ ভেটা ভাঙি।
হে জ্ঞানৰ মহান পণ্ডিত গণ,
আমাক উজ্জ্বলোৱা ,অজ্ঞানৰ আন্ধাৰ ভেদি ।
তাৰে কামনা আৰু আশা কৰি,
প্ৰণিপাত জনাইছোঁ চৰণত ধৰি ।
তুমি দিয়া জ্ঞানৰ পোহৰত
জিনিব পাৰো যাতে,
অগ্নি যুগৰ বিশাল সমৰত ।
আমি পঢ়িম,আমি শিকিম,
আমি শিকি, আগবাঢ়িম ।
অজ্ঞানৰ আন্ধাৰ ভেদিম,
জ্ঞানেৰে পোহৰ কৰিম,
আৰু সকলোৱে হাঁহি মুখে
খোজ কাঢ়ি আগবাঢ়িম ।
দুখৰ সংসাৰ এৰি
সকলোৱে বিদায় মাগিম,
সুখৰ নাওঁত উঠি ,
জীৱন নদী পাৰ কৰিম ।
আৰু অবিৰত যাত্ৰীৰ জীৱন পথৰ
অন্তিম ঠাই ডোখত
জ্বলন্ত অগ্নিত শৰীৰ জাহ দি,
গুচি যাম সংসাৰৰ মায়া-মোহ এৰি ।।