অপেক্ষা এটি তোমাৰ বাবে
মৃত গছৰ দৰে
লঠঙা হ’ল দেখোন মৰম বোৰ
এটি দুটিকৈ খহি পৰিল
তুমি দিয়া স্বাৰ্থপৰ ভালপোৱা
শুনাচোন ,
ভগ্ন হৃদয়ৰ স্পন্দন |
তুমি জানো বুজিবা?
ডেউকা ভগা পখীৰ ক্ৰন্দন ….
উৰুঙা মন আৰু মামৰে ধৰা হৃদয় ,
তথাপি জীয়াই ৰাখিছো সপোনবোৰ
সংগোপনে তোমাৰ বাবে |
সেইদিনাৰ দৰেই
আকৌ আহিব এজাক মৰমৰ বৰষুণ
যাৰ প্রতিটো টোপালে
প্রতিটো পৰশে ধুই নিব
অতৃপ্ত বাসনাৰ প্রতিটো পৃষ্ঠা |
খিলখিলাই হাহিঁ উঠিব
এপাহ সূৰুযমুখী
তুমি দিয়া উপহাৰ হৈ…..
টিউলিপ ভূঞা
বঢ়মপুৰ