অতুলানন্দ গোস্বামীৰ অনুবাদ সাহিত্য – কৃতি- পুলিন ডেকা

Pc Assam Time Post

অতুলানন্দ গোস্বামীৰ অনুবাদ সাহিত্য – কৃতি

পুলিন ডেকা

সাহিত্যত অনুবাদৰ বিষয়টো অতিশয় গুৰুত্বপূর্ণ। বিশ্ব সাহিত্যৰ অমৰ সৃষ্টিসমূহ কেৱল বৌদ্ধিক সম্পদে নহয়, ইয়ে মানুহৰ সৃজনীশীল মনটোক বিকশাই তুলি আহিছে। শিক্ষানুষ্ঠানত এজন বিদ্যাৰ্থীয়ে যেতিয়া হোমাৰ, ছফ’ক্লিছ পঢ়ে, তেতিয়া উপলব্ধি কৰিব পাৰে বিশ্ব ইতিহাস, ৰাজনীতি, দৰ্শন আৰু মানৱীয় মূল্যবোধৰ দিশসমূহ। অনুবাদে আন দেশৰ সংস্কৃতি, জীৱনবোধ, মানৱীয় অন্তদৃষ্টি সন্ধান কৰাৰ পথ প্রশস্ত কৰে। দ্রুতগতিত চলি থকা পৃথিৱীখনত সাংস্কৃতিক পৰিসীমাৰে জ্ঞান আৰু অভিজ্ঞতাৰ বিনিময় কৰিব লাগিলে অনুবাদ সাহিত্যৰ বিকল্প নাই। হাজাৰ হাজাৰ বছৰ ধৰি সাহিত্যত অনুবাদ হৈ আছে। ৰজা আলফ্রেড দ্য গ্রেট আৰু জিঅ’প্রে চ’চাৰে মিলিত প্রয়াসেৰে মূল লেটিন ভাষাৰ পৰা ব’ধিয়াছক অনুবাদ কৰিছিল। সেই গ্ৰন্থৰ অপৰিসীম শক্তিৰ বাবে সময়ৰ বালিত হেৰাই নগ’ল। সাহিত্যৰ অনুবাদ অন্যান্য অনুবাদৰ পৰা সম্পূৰ্ণ পৃথক। গ্ৰন্থৰ মূল আবেদন অনুধাৱন কৰিব নোৱাৰিলে সঠিক অনুবাদ কৰাটো সম্ভব নহয়। সাহিত্যৰ অনুবাদ এক শব্দৰ অনুবাদ নহয় অথবা নিজস্ব ভাষাত তাৰ আলমত সৃষ্টিৰ হাবিয়াসো হ’ব নোৱাৰে। মূল ৰচনাৰ সৌন্দৰ্য আৰু মৰ্ম অক্ষুণ্ণ ৰাখি কৰা এক সাহিত্য কৃতি। এনে প্রত্যাহ্বান অতিক্রমি বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীয়ে অনুবাদ সাহিত্যৰ জৰিয়তে অন্যান্য ভাষাৰ সাহিত্যক অসমীয়া সাহিত্যলৈ আৰু অসমীয়া সাহিত্যক ইংৰাজীলৈ অনুবাদ কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি গ’ল।

অতুলানন্দ গোস্বামীৰ সাহিত্যৰ মাজত আছে গভীৰ আত্মবিশ্লেষণ, সমাজ বীক্ষা আৰু নান্দনিক চেতনাবোধৰ উজ্জ্বল নিদর্শন। অনুবাদে মূল সাহিত্য স্ত্ৰোতক যাতে ব্যাহত কৰিব নোৱাৰে, এই সম্পৰ্কত তেওঁ আছিল নিতান্তই সজাগ। সেইবাবে হয়তো অনুবাদত তাৰ নিটোল ৰূপ পৰিচ্ছন্ন। অসমীয়া সাহিত্য বিশ্ব সাহিত্যৰ অংগ হৈ উঠক, এই পৰম বিশ্বাসক সাৰোগত কৰি তেখেতে অসমীয়া গল্প ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল। যোগেশ দাস, বীৰেন ভট্টাচাৰ্যৰ বহুকেইটা গল্প ইংৰাজীলৈ অনুবাদ কৰিছিল। নতুন দিল্লীৰ পৰা প্ৰকাশিত ‘প্রতিভা ইণ্ডিয়া’ নামৰ আলোচনীত অনুবাদ কৰি উত্তৰ-পূবৰ সাহিত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন দিশলৈ লৈ গৈছিল। উড়িয়া ভাষাৰ পৰা ‘বনহংসী’ আৰু ‘শ্বেতপদ্মা’ আৰু বাংলা ভাষাৰ পৰা ‘একৈশটা বঙলা গল্প’ আৰু “কালকোটৰ চাম্বু’ নামৰ গ্ৰন্থ অনুবাদ কৰাৰ লগতে ‘গুড্ বাই মিষ্টাৰ চিপচ’ নামৰ ইংৰাজী গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি আমাৰ জাতীয় সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰি যায়।

অতুলানন্দ গোস্বামীৰ অনুবাদ কৃতি পর্যালোচনা কৰিলে কেতবোৰ অতি সূক্ষ্ম দিশ প্ৰত্যক্ষ কৰিব পাৰি। সাহিত্যৰ অনুবাদৰ এটা মূল প্ৰত্যাহ্বান হৈছে মূল ৰচনাৰ প্ৰতি বিশ্বাসযোগ্যতা প্রদর্শন। গোস্বামীয়ে মূল ৰচনাৰ প্ৰতি দায়বদ্ধ হৈও অসমীয়া পাঠকৰ মনন জগত স্পৰ্শ কৰাৰ প্ৰয়াস দেখা যায়। অনুবাদৰ সময়ত তেখেতে সেই সাহিত্যক পুনৰ সৃষ্টি কৰিবলৈ প্ৰয়াস নকৰে। বৰং সাহিত্যৰ মূল শৈলীক উজ্জীবিত কৰাৰ সাৰ্থক প্রয়াস দেখা যায়। নাতিদীৰ্ঘ পৰিসৰত সুক্ষ্ম উপস্থাপন গোস্বামীৰ গল্পৰ অন্যতম বৈশিষ্ট্য। ‘হামদৈ পুলৰ জোন’ ১৯৬৬ চনত প্রকাশিত হয়। ১৯৯২ চনত ‘বলীয়া হাতী’ গল্পৰ বাবে সৰ্বভাৰতীয় কথা পুৰস্কাৰ লাভ কৰিছিল। ২০০৩ চনত প্ৰকাশিত ‘চেনেহ জৰীৰ গাঁঠি’ নামৰ গল্প সংকলনটোৰ বাবে তেওঁ ২০০৬ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ১৯৬৭ চনত ‘গল্প’, ১৯৭৬ চনত ‘ৰাজপাট’ আৰু ১৯৮৩ চনত ‘পলাতক’, ১৯৯৩ চনত ‘আশ্ৰয়’ নামৰ গোস্বামীৰ গল্প গ্রন্থ প্রকাশ পায়। আনহাতে ১৯৯০ চনত প্ৰকাশ পায় ‘নামঘৰীয়া’ উপন্যাস। পৰৱৰ্তী পৰ্যায়ত নেশ্যনেল বুক ট্ৰাষ্টৰ উদ্যোগত উপন্যাসখন বাৰটা ভাষালৈ অনূদিত হয়। তেওঁৰ আন দুখন উপন্যাস হৈছে ‘ককাইদেউ’ আৰু ‘অৰ্কিড’।

ভাবৰ গভীৰতা, বিষয়বস্তুৰ সম্যক উপলব্ধিয়ে তেওঁক এই কলাত্মক অনুভূতিলৈ লৈ যোৱাত বিশেষভাৱে সহায় কৰিছে। গল্পকাৰৰ চিন্তাৰ এক নিজস্ব শৈলী আছে। অনুবাদ কার্যতো তেওঁ একেই ধাৰাবাহিকতা ৰাখিবলৈ সক্ষম হৈছে। জ্ঞানদানন্দ শর্মা পাঠকে সেইবাবে কৈছে— ‘অতুলানন্দৰ চুটি গল্প মানেই চুটি। সেইবাবে ভাল লাগে।’ এগৰাকী গল্পকাৰৰ মননশীল আৰু কলাত্মক দক্ষতা নাথাকিলে কম পৰিসৰত ভাবৰ প্ৰকাশ সম্ভৱ নহয়। পঞ্চাশৰ দশকতে ‘হামদৈ পুলৰ জোন’ শীৰ্ষক গল্পটোৰে অসমীয়া পঢ়ুৱৈৰ হৃদয়ত এগৰাকী সংবেদনশীল গল্পকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। তেওঁ নিজেই কৈছিল এই গল্পটোৰ অনুবাদ যথেষ্ট জটিল। চকুৰ আগত ভাহি অহা বিষয়বস্তুক আলম কৰিয়েই লিখা গল্পটো অনুবাদ কৰোঁতে গল্পকাৰে সেইবাবে কঠিন্যতা অতিক্ৰম কৰিব পাৰিছিল। কাৰণ তেওঁৰ আত্মাৰ সৈতে সংযোজিত হৈছিল অনুভূতি। ‘হামদৈ পুলৰ জোন’ শীর্ষক গ্ৰন্থখনৰ সম্পৰ্কত ‘অতুলানন্দ গোস্বামী ৰচনা সমগ্ৰ’ ত এনেভাৱে উল্লেখ কৰা হৈছে— ‘কিতাপখনৰ নাম যদিও হামদৈ পুলৰ জোন’ ৰখা হৈছিল, সেই নামৰ গল্প কিতাপখনত নাছিল। আনকি সেইনামৰ গল্পটো তেতিয়ালৈকে লিখাও হোৱা নাছিল। ৰায়হান শ্বাহকে মুখ্য কৰি দুই-এজনে কিতাপখনৰ নামটোৰ অৰ্থ গল্পবোৰত নোলাল – মাথোঁ শব্দ ব্যঞ্জনাৰ কাৰণেই দিয়া বুলি আক্ষেপ কৰিছিল। কিতাপখন প্ৰকাশ পোৱাৰ বহু পাছতহে হামদৈ পুলৰ জোন নামেৰে গল্প ৰচনাৰ প্ৰয়াস। গোলাঘাটত চাকৰি কৰি থকা সময়ৰ অভিজ্ঞতা কিছুমান প্ৰায় ছয়-সাত বছৰ স্মৃতিৰ জোলোঙাত কঢ়িয়াই লৈ ফুৰাৰ পাছত সেইবোৰকে গল্প ৰূপ দিয়াৰ বাবে নিৰলস প্রয়াস চলাই থকাৰ পাছতো গল্পটোৱে ৰূপ পোৱা নাই। এইখিনি সময়ত অন্য কেইবাটাও গল্প লিখিলে, কিন্তু হামদৈ পুল মূৰত সোমাল, কলমৰ আগলৈ আনিব পৰা নাই। চন্দ্ৰপ্ৰসাদ শইকীয়াই হামদৈ পুলৰ আঁচনিখনৰ কথা গম পাই তেওঁক লিখিবলৈ নেৰানেপেৰা তাগিদা দিয়াৰ পাছতহে হামদৈ পুলৰ জোন-এ জন্মলাভ কৰে।”

গোস্বামীৰ গল্পৰ প্লটসমূহ অনন্য। ইয়াক জীৱন্ত ৰূপত পাঠকৰ মাজলৈ লৈ যোৱাটো এইবাবেই সম্ভৱ হৈছে যে তেওঁ নিজেই ঘটনাৰ মাজলৈ অতি নাটকীয়ভাৱে যাব পাৰে। ‘কথা বৰণ্যে ১০০’ত শোণিত বিজয় দাস আৰু মুনীন বায়নে গোস্বামীৰ গল্প সম্পৰ্কত এনেদৰে উল্লেখ কৰিছে— ‘অতুলানন্দ গোস্বামীৰ প্ৰায় প্ৰতিটো গল্পই কঢ়িয়াই আনে সুস্থ জীৱনবোধ আৰু প্ৰবল আশাবাদ। জীবন আৰু জগতৰ সৈতে থকা নিবিড় আত্মীয়তাৰ সূত্ৰে গল্পকাৰগৰাকীয়ে পঢ়ুৱৈৰ চিন্তা-চেতনাক সহজে স্পৰ্শ কৰি আহিছে। আধুনিক নগৰীয়া জীৱনৰ যান্ত্ৰিকতাৰ মাজত ক্ৰমশঃ পৰিৱৰ্তিত হ’বলৈ ধৰা সনাতন মূল্যবোধ আৰু জীৱনবীক্ষাৰ একো একোখন মর্মস্পর্শী ছবি তেওঁ যি গভীৰ নিষ্ঠাৰে তুলি ধৰে, সিয়ে পঢ়ুৱৈৰ মন আৰু মগজু দুয়োটাকে স্মৃতিকাতৰ কৰি তোলে।’

গোস্বামীৰ মানৱিক সমাজ চেতনাই সৰহখিনি গল্পক উদ্দেশ্যধর্মী কৰি তুলিছে। অনুবাদ এক কৌতূহলী কলা। এটা ভাষাত লিখা লেখকৰ সৃষ্টিশীলতাক আন ভাষাত বহন কৰিব লাগিব। যিমানেই সাহিত্যৰাজি অনুবাদ হ’ব, সিমানে বিশ্ববাসীয়ে জনাৰ সুযোগ লাভ কৰিব। অনুবাদকৰ দুয়োটা ভাষাৰ ওপৰত সঠিক জ্ঞানৰ প্ৰয়োজন। পৰিচয় হেৰুৱাই নোযোৱাকৈ সাহিত্যক বেলেগ ভাষালৈ ৰূপান্তৰিত কৰাত যাদুকৰী শক্তিৰ প্ৰয়োজনীয়তাকো অস্বীকাৰ কৰিব নোৱাৰি। অতুলানন্দ গোস্বামীয়ে অন্য ভাষাৰ সাহিত্যৰ বিশেষ জ্ঞান থকা বাবেহে শক্তিশালী অনুবাদ সম্ভৱ হৈ উঠিছে। অসমীয়া সাহিত্যলৈ তেওঁ যি অৰিহণা আগবঢ়াই গ’ল, সেয়া অবিনশ্বৰ হৈ ৰ’ব ।