অক্টোবৰৰ পৰা মালদ্বীপত অনুষ্ঠিত হ’ব ছাফ ফুটবল চেম্পিয়নশ্বিপ

pc TwistArticle

অক্টোবৰৰ পৰা মালদ্বীপত অনুষ্ঠিত হ’ব ছাফ ফুটবল চেম্পিয়নশ্বিপ

অনলাইন বাৰ্ত্তাসেৱা – ছাউথ এছিয়ান ফুটবল ফেডাৰেচনে আয়োজন কৰা ছাফ ফুটবল চেম্পিয়নশ্বিপ অক্টোবৰৰ পৰা মালদ্বীপত অনুষ্ঠিত হ’ব। এই টুর্ণামেণ্টৰ সামৰণি পৰিব ১৬ অক্টোবৰত ৷ প্ৰথম দিনাৰ উদ্বোধনী খেলত শ্রীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব বাংলাদেশ। ৪ অক্টোবৰত প্ৰতিযোগিতাৰ ৭ বাৰৰ চেম্পিয়ন ভাৰতৰ মুখামুখি হ’ব বাংলাদেশ। মালদ্বীপৰ ৰাজধানী মালেৰ ৰাছমি ধান্দু ষ্টেডিয়ামত পৰৱৰ্তী দুখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব মালদ্বীপ আৰু নেপাল। খেল দুখন অহা ৭ আৰু ১৩ অক্টোবৰত অনুষ্ঠিত হ’ব। ৰাউণ্ড ৰবীন লীগত সর্বোচ্চ পইণ্ট লাভ কৰা দল দুটাই অহা ১৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত মুখামুখি হ’ব। শ্রীলংকা দলে ১৯৯৫ চনত ছাফ চেম্পিয়ন হৈছিল। আনহাতে ২০০৮ আৰু ২০১৮ চনত মালদ্বীপে দুবাৰকৈ দক্ষিণ এছিয়া ফুটবলৰ চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। ছাফত এই পর্যন্ত ২০০৩ চনত এবাৰেই খিতাপ জয় কৰিছে বাংলাদেশে।

(UD.)