অক্টোবৰৰ পৰা ভাৰতত শিশু-কিশোৰসকলক দিয়া হ’ব টীকাঃ এন. কে. অৰৌড়া

pc Times of India

অক্টোবৰৰ পৰা ভাৰতত শিশু-কিশোৰসকলক দিয়া হ’ব টীকাঃ এন. কে. অৰৌড়া

অনলাইন বাৰ্ত্তাসেৱা – বিশ্বৰ প্ৰথমটো ডি.এন.এ. ভেকচিন জিকোভ-ডি (Zycov-D) ভাৰতত ব্যৱহাৰ কৰাৰ বাবে মঞ্জুৰি লাভ কৰিছে। এন.টি.এ.জি.আই. মুৰব্বী এন. কে. অৰৌড়াই কয় যে- অক্টোবৰৰ পৰা শিশু-কিশোৰসকলক এই টীকা দিয়া হ’ব। গুৰুতৰ ৰোগত আক্ৰান্ত শিশুসকলৰো এখন তালিকা প্ৰস্তুত কৰা হ’ব। আৰু তেওঁলোকক প্রথমে দিয়া হ’ব এই ভেকচিন।

লগতে তেওঁ কয়- ‘ৰাজ্য চৰকাৰ সমূহে শিশুসকলৰ বৌদ্ধিক বিকাশৰ বাবে বিদ্যালয় সমূহ খোলাৰ বাবে উপদেশ দিছে। ১২ৰ পৰা ১৭ বছৰ বয়সৰ যিসকল শিশু-কিশোৰ গুৰুতৰ ৰোগত আক্ৰান্ত তেওঁলোকক অক্টোবৰৰ পৰা প্রথমে টিকা প্ৰদান কৰা কাম আৰম্ভ কৰা হ’ব।’

(By Utpal Kalita)