ৱেবছাইট “covid19dashboardkamrup.in” আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে “y-kiran” শীৰ্ষক Youtube Channel মুকলি

pc-covid19dashboardkamrup

 অনলাইন বাৰ্ত্তাসেৱা – উল্লেখযোগ্য যে জিলাখনৰ কোভিড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য ৰাইজে সহজে লাভ কৰাৰ অৰ্থে এই সভাত covid19dashboardkamrup.in শীৰ্ষক ৱেবছাইট আৰু কামৰূপ সমগ্ৰ শিক্ষাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে y-kiran শীৰ্ষক এটা Youtube channel মুকলি কৰা হয়।
পৰ্যালোচনা সভাৰ লগতে অনুষ্ঠিত হোৱা জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি চমুকৈ দিশাৰ সভাখনত সভাপতিত্ব কৰি সমিতিৰ অধ্যক্ষা তথা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই মহাত্মা গান্ধী এনৰেগা, পিএমএৱাইজি, জল জীৱন মিছন, স্বচ্ছ ভাৰত অভিযান, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা, সাংসদ আদৰ্শ গ্ৰাম যোজনা, পি এম কিষাণ, অসম দৰ্শন, অসম দৰ্শনকে ধৰি শিক্ষা, সমাজ কল্যাণ আদি সকলো বিভাগৰ আঁচনিসমূহ সমপৰ্কত বিস্তাৰিতভাৱে পৰ্যালোচনা কৰে।
সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে সমগ্ৰ আঁচনি সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। এই সভাত জিলাখনৰ অভিভাৱক সচিব ডঃ কে কে দ্বিবেদীও উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগবঢ়ায়। সভাত দিশাৰ সদস্যসকলৰ উপৰি জিলা আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।