ৰেচিপি: মচুৰ দাইলৰ সৈতে কণীৰ আঞ্জা- মানসী বৰঠাকুৰ

ৰেচিপিৰ শিতানলৈ

ৰেচিপি: মচুৰ দাইলৰ সৈতে কণীৰ আঞ্জাসামগ্ৰী:
১: মচুৰ দাইল ৫০গ্ৰাম
২: দুটা বা তিনিটা কণী(বইল কৰিব প্ৰথমে)
৩: মিহিকৈ কাটি লোৱা মধ্যম আকাৰৰ পিয়াজ দুটা
৪: আদা নহৰু বটা দুই চাহমুচ
৫:মিহিকৈ কাটি লোৱা দুটা মধ্যম আকাৰৰ বিলাহী
৬: দুই চাহমুচ( চিকেন মচলা,ধনীয়া গুৰি,গৰম মচলা গুৰি,লং ,ইলাচি আৰু দালচিনি গুৰি,জীৰা গুৰি,জালুক,ৰঙা জলকীয়া গুৰি(ইচ্ছা অনুসৰি দিব) )
৭: জোখত নিমখ, হালধি আৰু যিকোনো খোৱা তেল
৮ সজাবৰ কাৰণে ধনিয়া পাত(ইচ্ছা অনুসৰি),কেঁচা জলকীয়া আৰু পিয়াজ

প্ৰথমে মচুৰ দাইলখিনি ভালকৈ ধুই তিনি ঘণ্টামানৰ কাৰণে এটা পাত্ৰত তিয়াই ৰাখিব।তাৰ পাছত আলুখিনি ধুই তুকুৰাকৈ কাটি এখন কেৰাহীত ক কণীকেইটাৰ লগতে অলপ নিমখ দি বইল কৰি লব। আলু আৰু কণী ভালকৈ বইল হৈ যোৱাৰ পাছত কণীৰ বাকলি গুচাই অলপ কটাৰী এখনে অকিয়াই লব নহলে ভাজোতে ফুটিব পাৰে। তাৰ পাছত কেৰাহীত তেল দিব(যিকোনো খোৱা তেল ব্যৱহাৰ কৰিব) আৰু আলুৰ লগতে কণী কেইটাত জোখত নিমখ হালধি সানিব আৰু গৰম তেলত কম জুইত ৰঙোচোৱা হোৱাকৈ ভাজিব।
তাৰ পাছত ভাঁজি হৈ যোৱা আলু আৰু কণী কেইটা নমাই পুনৰ কেৰাহীত তেল দিব আৰু তেল গৰম হোৱা লগে লগে পিয়াজ দি দিব আৰু অলপ সময় কম জুইত ভজাৰ পাছত নহৰু-আদা বটা খিনিও দি দিব আৰু কেঁচা গোন্ধ যোৱালৈকে ভাজিব। তাৰ পাছত মচুৰ দাইলৰ লগতে বাকী থকা মচলা খিনিও দি দিব(কেৱল গৰম মচলা আৰু লং, ইলাচী আৰু দালছিনি গুৰিৰ শেষত দিব) । অলপ সময় ভজাৰ পাছত তাত বিলাহী খিনি দি দিব আৰু জোখত নিমখ-হালধি দিব। যেতিয়া বিলাহিখিনি গলি যাব তেতিয়া আলু আৰু কণী কেইটা দি পুনৰ সকলো মচলা আৰু দাইলৰ লগত ভাঁজি জোখত কুহুমিয়া পানী(কিমান জোল কৰিব সেই অনুপাতে পানী দিব) দি কম জুইত ২০ মিনিটৰ বাবে ধাকোন দি থৈ দিব। ২০ মিনিটৰ পাছত গৰম মচলা আৰু লং, ইলাচি আৰু দালচিনিৰ গুৰি দি গেছৰ ষ্টোৱ বন্ধ কৰি দিব। পৰিৱেশনৰ আগে আগে অলপ কেঁচা জলকীয়া আৰু পিয়াজ(ধনীয়া আছে যদি দিব পাৰে) দি সজাই (ইচ্ছাৰ কথা সজোৱাটো)গৰম ভাত নাইবা ৰুটীৰ (ইচ্ছা অনুসৰি) লগত খাব পাৰিব ।
বি: দ্ৰ: ৰেশ্বিপি টোত মচলা ,তেল আৰু জ্বলাৰ লগতে আঞ্জাখিনিত কিমান পানী ব্যৱহাৰ কৰিব সেইখিনি আপোনালোকৰ ইচ্ছা অনুসৰি দিব।।

মানসী বৰঠাকুৰ,
 উত্তৰ গুৱাহাটী