ৰেইনম্বো ইকো কেম্ব এতিয়া পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰ বিন্দু
অনলাইন বাৰ্ত্তাসেৱা– ভাৰত ভূটান সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ বগামাটি পৰ্যটনস্থলিৰ নিলগত, বাক্সা আৰু ওদালগুৰি জিলাৰ ডাটীকাষৰীয়া অঞ্চলত নতুন কৈ গঢ় লৈ উঠা সেউজলেণ্ড উৰফে গ্ৰাছলেণ্ড এতিয়া পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰ বিন্দু।।ৰাজ্যত কভি’ড-19 এছ’অপি সীমিত হোৱাৰ লগে লগে বগামাটিৰ নিলগত থকা সেউজলেণ্ডত নিতৌ পৰ্যটকৰ ভিৰ দেখা গৈছে।।তেনেহেন সময়ছোৱাত পিছপৰি ৰৈ থকা নাই ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ কেইজনমান উদ্যোমী যুৱকে সেউজলেণ্ডৰ মনোমুহা প্ৰাকৃতিক সুন্দৰ্য্যৰ মাজতে সাজি উলিয়ালে এটা আকৰ্ষণীয় কেম্ব! “যাৰ নাম ৰেইনম্বো ইকো কেম্ব”” ইয়াত পৰ্যটক সকলৰ ৰাতি থকাৰ সুব্যৱস্থা থকাৰ লগতে সুলভ মূল্যৰে নিতৌ পৰ্যটকৰ বাবে ব্ৰেকফাৰ্ষ্ট, লাঞ্চ, দিনাৰৰ ব্যৱস্থা কৰি আহিছে। যাৰ ফলস্বৰূপে সমান্তৰালকৈ সেউজলেণ্ডৰ ভূমিত থকা ইকো কেম্ব অধিক আকৰ্ষণীয় হয় পৰিছে।। উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত কৰ্মহীন হৈ পৰা যুৱকে সকলে ঘৰতে বহি নাথাকি সেউজলেণ্ডৰ মাটিত এটি কেম্ব সাজি বৰ্তমান স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে।।তেওঁলোকে কয় যে বৰ্তমান সেউজলেণ্ড লৈ অহাঁ-যোৱা কৰা পথ অতি দুৰ্গম হোৱাৰ পিছতো পৰ্যটকৰ ভিৰ কমা নাই “সেয়েহে চৰকাৰক সেউজলেণ্ডৰ সুন্দৰ্য্যক আৰু অধিক আকৰ্ষণীয় পৰ্যটনস্থলি ৰূপান্তৰ কৰিবলৈ পথ সমূহ শীঘ্ৰেই নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাই।।
ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন।