ৰাহুল গান্ধীক লোকসভাৰ পৰা যোগ্যতাহীন কৰা কাৰ্যক গৰিহণা ৰিপুণ বৰাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সাংসদ ৰাহুল গান্ধীক লোকসভাৰ পৰা যোগ্যতাহীন কৰা কাৰ্যক গৰিহণা দিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। এই কাণ্ডৰ জৰিয়তে বিজেপিয়ে চূড়ান্ত অগণতান্ত্ৰিকতাৰ পৰিচয় দি নিজৰ স্বৈৰাচাৰী ৰূপ বিশ্ববাসীৰ সন্মুখত আকৌ এবাৰ উদঙাই দিলে বুলি মন্তব্য কৰে। ইয়াৰ জৰিয়তে বিজেপিয়ে দেশত বিৰোধীক নি:শেষ কৰাৰ ষড়যন্ত্ৰ কৰিব বিচাৰিছে বুলিও সমালোচনা কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি গৰাকীয়ে। কিন্তু বিজেপিৰ এই কু-অভিসন্ধি দেশৰ জনগণে সফল হ’বলৈ নিদিয়ে বুলি তেওঁ মন্তব্য কৰে।