ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ নিশ্চিতকৰণত ৰাজ্যপালসকলে সক্রিয় ভূমিকা গ্ৰহণ কৰকঃ গৃহমন্ত্ৰী অমিত শ্বাহ

Pc- Greater kashmir

ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ নিশ্চিতকৰণত ৰাজ্যপালসকলে সক্রিয় ভূমিকা গ্ৰহণ কৰকঃ গৃহমন্ত্ৰী অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত ৫১সংখ্যক ৰাজ্যপাল অভিৱৰ্তনত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰসংঘৰ ক’প-২৬ সন্মিলনত বিশ্ববাসীৰ সন্মুখত প্রধানমন্ত্রীয়ে এক উৎসাজনক লক্ষ্য দাঙি ধৰিছে। ভাৰতে এই সন্মিলনত বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে। ২০৩০ চনৰ পৰা ২০৭০ চনৰ মাজত এই লক্ষ্যত উপনীত হ’বলৈ হ’লে দেশৰ নৱপ্ৰজন্মৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব। মই আহ্বান জনাইছো বিদ্যালয়, মহাবিদ্যালয়ত এই সন্দৰ্ভত সজাগতা অভিযান আৰম্ভ কৰে।লগতে জনতাৰ মাজতো সজাগতা অভিযানৰ প্রয়োজন আছে। সাধাৰণ জনতাৰ মাজত এই লক্ষ্য সন্দৰ্ভত সজাগতা সৃষ্টি নহ’লে লক্ষ্যত উপনীত হোৱাটো জটিল হ’ব। চৰকাৰে এই সন্দৰ্ভত কাম কৰিব। কিন্তু ৰাজ্যপালৰ কাৰ্যালয়েও জনতাৰ সৈতে এই সন্দৰ্ভত সম্পর্কিত হোৱাৰ আৱশ্যক। ঠিক তেনেদৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ ক্ষেত্ৰতো ৰাজ্যপালৰ কাৰ্যালয়ে সক্রিয় ভূমিকা গ্ৰহণ কৰাৰ আৱশ্যক বুলি গৃহমন্ত্রী অমিত শ্বাহে কয়।