ৰাষ্ট্ৰীয় আইন সেৱা সপ্তাহ উপলক্ষে দৰং জিলা আৰু সত্ৰ ন্যায়াধীশৰ কার্যালয় তথা আদালত চৌহদত প্রদর্শনী মুকলি

Pc- Ndtv.com

ৰাষ্ট্ৰীয় আইন সেৱা সপ্তাহ উপলক্ষে দৰং জিলা আৰু সত্ৰ ন্যায়াধীশৰ কার্যালয় তথা আদালত চৌহদত প্রদর্শনী মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্রীয় আইন সেৱা সপ্তাহ উপলক্ষে দৰং জিলা আৰু সত্ৰ ন্যায়াধীশৰ কার্যালয় তথা আদালত চৌহদত মুকলি কৰা হয় এক প্রদর্শনী।প্রদর্শনীত আদালতত ব্যৱহৃত ঐতিহাসিক সা-সামগ্রীকে ধৰি বিভিন্ন আপুৰুগীয়া সমল প্রদর্শিত হৈছে। দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে উদযাপন কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীৰ তত্ত্বাৱধানত আৰু দৰং জিলা আইনসেৱা প্ৰাধিকাৰীৰ উদ্যোগত ২ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ অনুষ্ঠিত হৈছে পেন ইণ্ডিয়া আইনী সজাগতা আৰু প্ৰচাৰ অভিযান। এই কাৰ্য্যৰ অংশ হিচাপে ৮ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ ৰাষ্ট্ৰীয় আইন সেৱা সপ্তাহ উদযাপিত হয়। দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ সকলো পেনেল লয়াৰ, মেডিয়েটৰ, অৰ্ধআইনী স্বেচ্ছাসেৱক- সেৱিকাৰ লগতে এই অনুষ্ঠানৰ লগত জড়িত অন্য সংস্থা, সংগঠন আৰু ব্যক্তিসকল উপস্থিত থাকে।