ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ নামত ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা 

Pc India Today

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ নামত ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই আণ্ডাৰৱৰ্ল্ড ডন আৰু ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণত দোষী সাব্যস্ত কৰা ডাউদ ইব্ৰাহিমৰ নামত ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। আনহাতে ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে তেওঁৰ সহযোগী ছোটা শকীলৰ ওপৰত। একে সময়তে আনিছ ইব্ৰাহিম, জাভেদ চিকনা আৰু টাইগাৰ মেমনৰ ওপৰত ১৫ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰা হৈছে। এই লোকসকলৰ বিষয়ে যিয়েই NIAক তথ্য দিব, তেওঁক এই পৰিমাণৰ ধন পুৰস্কাৰ হিচাপে দিয়া হ’ব। আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ লগতে গেংটোৰ আন সদস্যৰ বিৰুদ্ধে ৰুজু হৈছে বহু গুৰুতৰ গোচৰ, যাৰ তদন্ত অব্যাহত ৰাখিছে NIA য়ে।