ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

Pc The Financial Express

ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ পাইছে।সংহাৰী ক’ৰোনাই মোক্ষম আঘাত হনা বিশ্বৰ অৰ্থনীতিৰ ৰাজহাড় পোন নৌহওঁতেই দুই ৰাষ্ট্ৰৰ সমুখ সমৰে দাৰিদ্র্য সীমাৰেখাৰ তললৈ ঠেলি দিলে ৭.১ কোটি মানুহক। ৰাষ্ট্ৰসংঘৰ নেচনছ ডেভেলপমেন্ট প্রগ্রেম (ইউএনডিপি)ৰ প্ৰতিবেদন অনুসৰি, মহামাৰীৰ ১৮ মহীয়া সংক্ৰমণ কালত নতুনকৈ ১২.৫ কোটি মানুহ দাৰিদ্র্য সীমাৰেখাৰ তলত বাস কৰিবলগীয়া হৈছিল। এতিয়া ৰাছিয়া-ইউক্রেইন যুদ্ধই পুনৰ ৭.১ কোটি মানুহক দাৰিদ্র্য সীমাৰেখাৰ তললৈ ঠেলি দিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ যুগত মাত্র তিনি মাহতে বিশ্বৰ ৭.১ কোটি মানুহে দৰিদ্ৰতাৰ কৰাল গ্ৰাসত সোমাবলগীয়া হৈছে। সামগ্ৰিকভাৱে এই ৭.১ কোটি মানুহৰ ভিতৰত ৫.১৬ কোটিৰ দৈনিক খৰচৰ ক্ষমতা এতিয়া ১.৯০ ডলাৰ বা তাতকৈও কম। বাকী প্রায় ২ কোটি মানুহৰ ক্ষেত্ৰত এই ক্ষমতা ৩.২০ ডলাৰ। সকলো মিলি পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯ শতাংশই এতিয়া দাৰিদ্র্য সীমাৰেখাৰ তলত বাস কৰিবলগীয়া হৈছে।