ৰাষ্ট্ৰপতি ভৱনত ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান 

Pc- India tv News

ৰাষ্ট্ৰপতি ভৱনত ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান অনুষ্ঠানত অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁইকে ধৰি ১২ গৰাকী খেলুৱৈক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সম্মানিত কৰিব। এই বঁটা লাভ কৰা আন খেলুৱৈসকল হ’ল- নিজ চোপ্ৰা, ৰবি কুমাৰ, পি আৰ শ্ৰীজেশ, মনপ্রীত সিং, অগ্নি লেখৰা, মনীষ নৰোৱাল, সুমিত অন্তিল, প্রমোদ ভাৰত, কৃষ্ণা নাগৰ, মিটালী ৰাজ আৰু সুনীল ছেটী। অনুষ্ঠানত ৩৫ গৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হ’ব। ৰাষ্ট্ৰপতিয়ে কৃতী প্রশিক্ষকসকলক দ্রোণাচার্য বঁটা প্ৰদান কৰাৰ লগতে ধ্যানচান্দ জীৱনজোৰা সাধনা বঁটা আৰু ৰাষ্ট্ৰীয় খেল উদগনি পুৰস্কাৰো প্ৰদান কৰিব।