ৰাতি ২.৩০ বজাত অসমৰ মুখ্যমন্ত্ৰীৰ ড০ হিমন্তৰ বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন
বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তৰ বিশ্ব শৰ্মাই কৈছে যে ভাৰতে কোভিডৰ এক মাৰাত্মক দ্বিতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ৰাজ্যখনে চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য চিকিৎসালয়সমূহত এক ‘অড-আৱাৰ মেনেজমেণ্ট’ প্ৰক্ৰিয়া আৰম্ভ কৰিব।
এই সপ্তাহৰ আৰম্ভণিতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰীশৰ্মাই দেওবাৰে পুৱা প্ৰায় ২:৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় পৰিদৰ্শন কৰে আৰু কোভিড পৰিস্থিতিৰ বুজ লয়।
সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি শ্ৰীশৰ্মাই কয়, “আমি ইতিমধ্যে অড-আৱাৰ মেনেজমেণ্টৰ বিষয়ে আলোচনা কৰিছো য’ত জ্যেষ্ঠ চিকিৎসকসকলে নিশা ১১ বজাৰ পৰা পুৱা ৭ বজালৈ কৰ্তব্য পালন কৰিব লাগিব। আমি দেখিছোঁ যে ৰাতিৰ সময়ত সৰ্বাধিক ৰোগীৰ মৃত্যু হৈছিল। তেওঁলোকৰ কিছুমান ৰাতি চিকিৎসালয়লৈ আহিছিল আৰু দুইৰ পৰা তিনি ঘণ্টাৰ পিছত ৰোগীজনৰ মৃত্যু হৈছিল।”
“বেছিভাগ জ্যেষ্ঠ চিকিৎসকে দিনৰ শ্বিফ্টত কৰ্তব্য পালন কৰে। এতিয়া তেওঁলোকে ৰাতিও কৰ্তব্য কৰিব লাগিব। প্ৰতিটো ৱাৰ্ডত চিচিটিভি কেমেৰা ঠিক কৰা হৈছিল আৰু আমি সকলো বোৰ নিৰীক্ষণ কৰিম,” শ্ৰীযুত শৰ্মাই কয়।
“এতিয়ালৈকে আমাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন চিলিণ্ডাৰ আছে। চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (জিএমচিএইচ) কোনো বিচনাৰ অভাৱ নাই কিন্তু আমি বিচনাৰ ক্ষমতা বৃদ্ধি কৰিম আৰু প্ৰক্ৰিয়াটো সৰুসজাইত আৰম্ভ কৰা হৈছে,” শ্ৰীশৰ্মাই কয়।
ইফালে, চৰকাৰে ১৬ মে’ৰ পৰা (দেওবাৰ)দুপৰীয়া ২ বজাৰ পৰিবৰ্তে ১২ বজাৰ পৰা ৰাজ্যখনত কাৰফিউ আৰম্ভ হব।”আমি দেখিছো যে কাৰফিউৰ সময় বৃদ্ধি কৰাৰ পিছত গুৱাহাটীত কোভিড পজিটিভ গোচৰ ১৬০০ ৰ পৰা ১০০০ লৈ হ্ৰাস পাইছে। সেয়েহে, আমি কাৰফিউৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছো। আমি এসপ্তাহৰ ভিতৰত ইতিবাচকতাৰ হাৰ নিৰীক্ষণ কৰিম,” মুখ্যমন্ত্ৰী শৰ্মাই কয়।তাৰ পিছত পৰবৰ্তী সিধান্ত্ লোৱা হৱ বুলি শ্ৰীশৰ্মাই কয়।