ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনতা ভৱনত সংবাদমেল সম্বোধন

Pc Facebook

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনতা ভৱনত সংবাদমেল সম্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি কয় যে বানত আক্ৰান্ত হৈ শিবিৰত থকা সৰ্বমুঠ ১,৮৯,৭৫২টা পৰিয়াল চিনাক্ত কৰা হৈছিল আৰু এই পৰিয়ালসমূহ শিবিৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত প্ৰতিটো পৰিয়ালক ৩,৮০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল৷ এই আৰ্থিক সাহায্য বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হৈছে আৰু কিছু কাৰিকৰী অসুবিধাৰ বাবে মাত্ৰ ৩৫ হাজাৰ পৰিয়ালেহে এই পৰ্যন্ত আৰ্থিক সাহায্য পাবলৈ বাকী থকাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷চলিত বৰ্ষত ৬ এপ্ৰিলৰ বৰা ১৫ জুলাই পৰ্যন্ত হোৱা দুটাকৈ বানে ৰাজ্যখনক বেয়াকৈ ক্ষতি কৰি যোৱাৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে দুয়োটা বানত ৰাজ্যখনৰ ৩৪খন জিলা ক্ষতিগ্ৰস্ত হৈছে৷ এই জিলাকেইখনৰ ১৫২টা ৰাজহ চক্ৰৰ ৯,৯১৮খন গাঁও বানত ক্ষতিগ্ৰস্ত হয়৷ ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ তিনি ভাগৰ এভাগ বানত ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য প্ৰকাশ কৰি লগতে কয় যে দুয়োটা বানত সৰ্বমুঠ ১৯৫গৰাকী লোকৰ মৃত্যু হৈছে৷ এই ১৯৫গৰাকী লোকৰ ভিতৰত ভূমিস্খলনত মৃত্যু হোৱা ১৯গৰাকী লোকো অন্তৰ্ভুক্ত হৈ আছে৷ তদুপৰি বানত ৩৭গৰাকী লোক এই পৰ্যন্ত নিখোজ হৈ থকাৰ কথা সদৰী কৰে৷ ইফালে, বানত মৃত্যু হোৱা লোকসকলৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে ৪ লাখকৈ টকাকৈ আৰ্থিক সাহায্য। মানৱ সম্পদৰ উপৰি বানত পশুধনৰ বিস্তৰ ক্ষতি হোৱাৰ তথ্য দাঙি ধৰি কয় যে ৫৪,৮৩৭টা ঘৰচীয়া পশুধনৰ চলিত বৰ্ষৰ বানত মৃত্যু হয়৷ অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পশুধনৰ কোনো ক্ষতি নোহোৱা বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ আনহাতে, শস্য ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য উল্লেখ কৰি কয় যে দুয়োটা বানত এতিয়ালৈ ২,৪০,০৯৬ হেক্টৰ ভূমিৰ শস্য নষ্ট হৈছে৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে বানৰ ভয়াৱহতা ইমানেই বেছি আছিল যে যাৰ বাবে মথাউৰি, পথৰ অস্থায়ী স্থানকে ধৰি শিবিৰসমূহত আশ্ৰয় লৈ থকা সৰ্বমুঠ লোকৰ সংখ্যা আছিল ৭,৪২,২৫০গৰাকী৷ আশ্ৰয় শিবিৰ আৰু অস্থায়ী শিবিৰত থকা এইসকল লোকৰ মাজত ২,১৯,২৯৯ কুইণ্টল চাউল বিতৰণ কৰাৰ তথ্য দাঙি ধৰে৷ সেইদৰে ৪৩ হাজাৰ কুইণ্টল দাইল, ৭৮,১২৯ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে৷