ৰাজ্যৰ শিক্ষকসকলৰ বাবে সুখবৰ

pc twitter

ৰাজ্যৰ শিক্ষকসকলৰ বাবে সুখবৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শিক্ষকসকলৰ বাবে সুখবৰ। অচিৰেই নিজ গৃহ জিলালৈ বদলি হৈ আহিব পাৰিব পূৰণিবটীয়া ঠাইত নিযুক্ত শিক্ষকসকল। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰা অনুসৰি অতি সোনকালে । বিভাগে ছিংগল শিক্ষক ট্ৰেন্সফাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। উল্লেখ্য যে শিক্ষকসকলৰ বাবে মিউচুৱেল বদলীকৰণৰ বাবে ইতিমধ্যে শিক্ষা বিভাগে মুকলি কৰিছে এক বিশেষ প’ৰ্টেলৰ। এই প’ৰ্টেলৰ জৰিয়তে আবেদন কৰা শিক্ষকসকলৰ বদলীকৰণ প্ৰক্ৰিয়া কালিৰে পৰা আৰম্ভ হৈছে। মিউচুৱেল বদলীকৰণক লৈ চলি থকা প্ৰক্ৰিয়াৰ মাজতে একাংশ শিক্ষকে ট্রেন্সফাৰ বিচাৰি শেহতীয়াকৈ শিক্ষা বিভাগত কৰা আবেদনক লৈ সৃষ্টি হৈছে যথেষ্ট খেলিমেলি। এনে দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে ছিংগল শিক্ষক ট্রেন্সফাৰৰ বাবে এলানি নতুন নিয়ম-নির্দেশনা প্রস্তুত কৰি তুলিছে।   এই সন্দৰ্ভত পাঠশালাত সংবাদ মাধ্যমৰ আগত সবিশেষ ব্যাখ্যা কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে কম দিনৰ ভিতৰতে ছিংগল শিক্ষক ট্ৰেন্সফাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। সেই অনুসৰি যিসকলে দহ বছৰৰ অধিক সময় নির্দিষ্ট এখন জিলাত আছে, তেওঁ এই বদলীৰ বাবে আবেদন কৰিব পাৰিব। একেদৰে কোনো দিব্যাংগ শিক্ষকে যদি দুবছৰ এখন জিলাত কৰ্মৰত হৈ আছে, সেইসকলেও এই বদলীৰ বাবে আবেদন কৰিব পাৰিব। সমান্তৰালভাৱে জটিল ৰোগত আক্ৰান্ত, পিতৃ-মাতৃক চোৱাচিতা কৰাৰ বাবে, মহিলা শিক্ষকসকলে সন্মুখীন হোৱা বিশেষ অসুবিধা আৰু স্বামী স্ত্রী একেলগে থাকিব বিচৰা শিক্ষকসকল এই ছিংগল ট্রেন্সফাৰৰ বাবে আবেদন কৰিব পাৰিব। তেওঁ ইয়াকো স্পষ্ট কৰে যে বিভাগে অচিৰেই শিক্ষকসকল ৰেচনেলাইজেচন কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে যিবোৰ বিদ্যালয়ত শিক্ষকৰ সংখ্যা কম, সেই বিদ্যালয়লৈ শিক্ষকক বদলীকৰণৰ জৰিয়তে অনা হ’ব। আনহাতে, যিবোৰ বিদ্যালয়ত অতিৰিক্ত শিক্ষক আছে তেওঁলোকক অন্য বিদ্যালয়লৈ বদলী কৰা হ’ব। এইক্ষেত্ৰত বিভাগে যথেষ্ট শিথিলতা গ্রহণ কৰিছে। মুখ্যতঃ বদলী কৰি আনিব বিচৰা শিক্ষকসকলক নিজৰ গৃহ জিলা অথবা ওচৰৰ জিলাত নিযুক্তি দিয়াৰ বাবেও চিন্তা-চৰ্চা কৰা হৈছে। মুখ্যতঃ শিক্ষকসকলৰ কামসমূহ সুস্থিৰ তথা নিয়াৰিকৈ হোৱাৰ স্বাৰ্থত শিক্ষকসকলক সুবিধাজনক স্থানত বদলী কৰাৰ বাবে বিভাগে এইবাৰ পদক্ষেপ গ্ৰহণ কৰিব। এইক্ষেত্ৰত বিভাগক কিছু সময়ৰ প্ৰয়োজন হ’ব। যাৰ বাবে শিক্ষকসকলে কিছুদিন অপেক্ষা কৰিব লাগিব। ইফালে মিউচুৱেল বদলীকৰণৰ ক্ষেত্ৰত  শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই বদলীকৰণৰ কেটেগৰী (শ্রেণী) একেই হ’ব লাগিব । অর্থাৎ এজন হাইস্কুলৰ শিক্ষকে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনৰ সৈতে মিউচুৱেল বদলীকৰণৰ বাবে আবেদন কৰিব নোৱাৰিব । একেদৰে সৰ্বশিক্ষাৰ শিক্ষক এজনে ষ্টেটপুলৰ শিক্ষকৰ সৈতে মিউচুৱেল বদলীকৰণৰ আবেদন কৰিব নোৱাৰিব। এইক্ষেত্ৰত শেহতীয়াকৈ কিছু সমস্যাই দেখা দিয়া বুলি জানিবলৈ দি শিক্ষামন্ত্রী পেগুৱে কয় যে একাংশ শিক্ষকে মিউচুৱেল বদলীকৰণৰ বাবে যিগৰাকী শিক্ষকক নির্দিষ্ট কৰিছিল, সেই গৰাকী শিক্ষকে নতুন চাকৰিত যোগদান কৰাৰ ফলত সমস্যাই দেখা দিছে। শিক্ষা বিভাগে ইতিমধ্যে এনে মিউচুৱেল বদলীকৰণৰ বাবে দিয়া নিৰ্দেশ এতিয়া কাৰ্যকৰী নহ’ব। দুজন শিক্ষকৰ এজনে আন পদত যোগদান কৰিলে তেওঁৰ সৈতে মিউচুৱেল বদলীকৰণত থকা আনজন শিক্ষক ছিংগল শিক্ষক হিচাপে পৰিগণিত হ’ব। এই শিক্ষকসকলে মিউচুৱেল বদলীকৰণৰ পৰিৱৰ্তে চৰকাৰে গ্ৰহণ কৰিব লগা ছিংগল ট্রেন্সফাৰতহে আবেদন কৰিব পাৰিব ।