ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত “ৰাভা দিৱস” উদযাপন

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত “ৰাভা দিৱস” উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা একাধাৰে এগৰাকী বিশিষ্ট নৃত্য তথা সংগীত শিল্পী, অভিনেতা, চিত্ৰকৰৰ লগতে এক বিপ্লৱী সত্তা আছিল। অসমৰ সমাজ তথা শিল্পকলাৰ ক্ষেত্ৰলৈ বিষ্ণু প্ৰসাদ ৰাভাই আগবঢ়াই থৈ যোৱা অৱদান অতুলনীয়। এই মহান শিল্পী গৰাকীক সুঁৱৰি আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত তেওঁৰ মৃত্যু তিথি “ৰাভা দিৱস” উদযাপন কৰা হয়। ৰাজ্যিক বিজেপিৰ সাংস্কৃতিক কোষৰ উদ্যোগত আয়োজিত অনুষ্ঠানত সাধাৰণ সম্পাদক দিপ্লো ৰঞ্জন শৰ্মা, কোষাধক্ষ্য ৰাজকুমাৰ শৰ্মা, কাৰ্যালয় সম্পাদক সুজিত বিশ্বাস, মেয়ৰ মৃগেন শৰণীয়া,সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত আছিল। ভাষণ প্ৰসংগত ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে কয়, কেৱল ৰাজনৈতিক ক্ষমতা অধিকাৰেই ভাৰতীয় জনতা পাৰ্টিৰ মূল উদ্দেশ্য নহয়। বিজেপি এনে এটা ৰাজনৈতিক দল যিয়েই অসম তথা দেশৰ কলা সংস্কৃতিৰ প্ৰতি অনন্য অৱদান আবঢ়াই যোৱা বিশিষ্ট ব্যক্তি সকলক শ্ৰদ্ধা জনাই তেওঁলোকৰ আদৰ্শক নৱ প্ৰজন্মৰ মাজত বিয়পাই তুলিবলৈ প্ৰচেষ্টা হাতত লয়। তেওঁ লগতে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সৃষ্টি, অৱদান আৰু বৰ্তমান সময়ত তেওঁৰ জীৱন কৃতিৰ প্ৰাসংগিকতা সন্দৰ্ভত আলোকপাত কৰি কয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী এনে সত্তা, যিগৰাকীয়ে অসমৰ কৃষ্টি-সংস্কৃতিক এক নতুন মাত্রা প্রদান কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ সামগ্ৰিক সৃষ্টিৰাজি তথা অৱদানে আমাৰ জাতীয় জীৱনক যুগ যুগলৈ সমৃদ্ধ কৰি যাব৷ৰাজ্যিক সাংস্কৃতিক কোষৰ সহ আহ্বায়ক বিদ্যা সাগৰে আঁত ধৰা আজিৰ অনুষ্ঠানত সাংস্কৃতিক কোষৰ ববিতা শৰ্মা, প্ৰতীমা দেৱী, ৰুদ্ৰ জয়ন্তী ভাগৱতী, সঞ্জন নায়কে ৰাভা সংগীতৰ লগতে নৃত্য পৰিৱেশন কৰে।