ৰাজ্যত শীঘ্ৰেই বৃদ্ধি হ’ব সুৰাৰ বিপণী

ৰাজ্যত শীঘ্ৰেই বৃদ্ধি হ’ব সুৰাৰ বিপণী

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত শীঘ্ৰেই বৃদ্ধি হ’ব সুৰাৰ বিপণী।সকলো বাৰৰ অনুজ্ঞাপত্ৰ সুৰাৰ বিপণীলৈ পৰিৱৰ্তন হ’ব।হিমন্ত বিশ্ব চৰকাৰৰ সময়ত মাত্ৰ ২০খন সুৰাৰ বিপণীৰ বাবে বিজ্ঞাপন দিয়া হৈছে।১০খন অনুজ্ঞাপত্ৰ এতিয়ালৈ দিয়া হ’ল।এইবাৰ বিত্তীয় বৰ্ষত আৱকাৰী ৰাজহ বৃদ্ধি হ’ব।যোৱা বিত্তীয় বৰ্ষত ৩০০০ কোটি টকা ৰাজহ সংগ্ৰহ হৈছিল।২০১৬ত চৰকাৰ আহোতে আমি বাৰৰ অনুমতি দিয়া নাছিলো। কিন্তু এতিয়া আমি দেখিছো যিবোৰ অঞ্চলত ৱাইন শ্ব’প নাই তাত মানুহে চুলাই বা অৰুণাচলৰ সুৰা খায়।যাৰ বাবে আমাৰ ৰাজহ লোকচান হয়।ৰাজহ সংগ্ৰহৰ বাবে নহয় অৰুণাচলৰ, অবৈধ সুৰা ৰোধ কৰিবৰ বাবেহে আমি নতুন অনুজ্ঞাপত্ৰ দিম।ক’ত অনুজ্ঞাপত্ৰ দিব পাৰি আমি ছাৰ্ভে কৰি দিম।–এই মন্তব্য আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। ৰাইজক চুলাইৰ সলনি ভাল সুৰা সেৱন কৰিবলৈ আহ্বান আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।পৰিমল শুক্লবৈদ্যই কয়,’আমি সুৰাপান কৰিবলৈ দিয়া নাই,কিন্তু অবৈধ প্ৰক্ৰিয়াটো বন্ধ কৰিব খুজিছো।আমি ৰাজহ সংগ্ৰহ কৰিব খোজো।কোনো লোকে যদি সুৰা পান কৰে ভাল সুৰা পান কৰক।লোকেল চুলাই পান কৰি বহু লোকৰ মৃত্যু হৈছে।মানুহে যাতে ভাল সুৰা পান কৰি জীয়াই থাকে তাৰ চিন্তা কৰিছো। জনগোষ্ঠীয় পানীয়ও যাতে ভালদৰে বিক্ৰী কৰিব পাৰে তাৰ বাবেও আমি আইন অনাৰ কথা চিন্তা কৰিছো।সুৰা বিক্ৰী বা ব্যৱহাৰ বেছি হোৱা নাই, আমি মূল্যও বৃদ্ধি কৰা নাই, মাথোঁ ৰাজহ সংগ্ৰহ কৰাৰ ব্যৱস্থাতো উন্নত কৰিছো।’’