ৰাজ্যজুৰি হিন্দী ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ

ৰাজ্যজুৰি হিন্দী ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিদ্যালয়সমূহত দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা শিক্ষা বাধ্যতামূলক কৰাৰ কেন্দ্ৰীয় বিজেপি চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি এছ ইউ চি আই(কমিউনিষ্ট)ৰ উদ্যোগত আজি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। তদুপলক্ষে দিনৰ ১২.৩০বজাত গুৱাহাটীৰ লক্ষ্মীনাথ বেজবৰুৱাৰ পাদদেশৰ সমীপত দলৰ শতাধিক সদস্যৰ উপস্থিতিত বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ বিদ্যালয়সমূহত জোৰকৈ হিন্দী জাপি দিয়াৰ চক্ৰান্ত বন্ধ কৰক, ভাষাৰ নামত মানুহক বিভক্ত কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক, মাতৃভাষাৰ লগতে প্ৰথম শ্ৰেণীৰ পৰাই গুৰুত্ব সহকাৰে ইংৰাজী ভাষা শিক্ষা প্ৰৱৰ্তন কৰক, ইংৰাজী বাদ দি হিন্দীক চৰকাৰী ভাষা কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে গৰ্জি উঠক, হিন্দী ভাষা জোৰকৈ জাপি দি বিভাজনৰ ৰাজনীতি কৰা নচলিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে। ইয়াৰ উপৰিও লখিমপুৰ, তেজপুৰ, নলবাৰী, গোৱালপাৰা, শিলচৰ চহৰসমূহতো প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে এক বিবৃতিত কয়, কেন্দ্ৰীয় চৰকাৰে জোৰ কৰি এটা ভাষা গোষ্ঠীৰ জনসাধাৰণৰ ওপৰত আন এটা ভাষা গোষ্ঠীৰ ভাষা জোৰকৈ জাপি দিবলৈ ওলাইছে যিটো সম্পূৰ্ণ অবৈজ্ঞানিক আৰু দূৰভিসন্ধিপ্ৰসূত। এই কথা সৰ্বজনবিদিত যে মানুহে  নিজৰ অৰ্থনৈতিক আৰু জীৱন-জীৱিকাৰ প্ৰয়োজনত এজনে আনজনৰ ভাষা শিকে আৰু পাৰস্পৰিক আদান-প্ৰদানৰ যোগেদি ভাষাৰ উন্নতি ঘটায়। স্বাভাৱিকভাৱে আৰু নিজৰ প্ৰয়োজনত, যদি জোৰ জবৰদস্তি নাথাকে তেনেহলে সাধাৰণ মানুহে  স্বাভাৱিক প্ৰক্ৰিয়াতেই ভাষা শিকে যদিও জোৰকৈ জাপি দিব বিচাৰিলেই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, যাৰ ফলত বিভিন্ন ভাষা-ভাষীৰ  মাজত থকা ঐক্য-সম্প্ৰীতি মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত হয়।তেওঁ আৰু কয়,শিক্ষাৰ ক্ষেত্ৰত আধুনিক উন্নত জ্ঞান চৰ্চাৰ বাবে মাতৃভাষাৰ লগত আৰম্ভণিৰে পৰাই ইংৰাজী শিক্ষাৰ প্ৰয়োজনীতা আজি কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু শিক্ষা ক্ষেত্ৰত দেশৰ ভাষাবিদ, শিক্ষাবিদ,বুদ্ধিজীৱী সহ সৰ্বজনগ্ৰাহ্য দ্বি-ভাষা নীতিয়েই বিজ্ঞানসন্মত। কেন্দ্ৰীয় চৰকাৰে এই বিঞ্জানসন্মত নীতিৰ পৰিৱৰ্তন ঘটাই হিন্দী ভাষা বাধ্যতামূলক কৰাৰ আঁৰত তেওঁলোকৰ ‘হিন্দু-হিন্দী-হিন্দুস্তান’ৰ বিভাজনবাদী নীতিয়ে কাম কৰি আছে। তেওঁ এই জনবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ বাবে সাধাৰণ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।