ৰাজ্যজুৰি চিকিৎসা সেৱা ব্যাহত, ৰোগীৰ হাহাকাৰ

ৰাজ্যজুৰি চিকিৎসা সেৱা ব্যাহত, ৰোগীৰ হাহাকাৰ
এনএইচএমৰ কৰ্মচাৰীৰ ধৰ্ণা কাৰ্যসূচীলৈ পূর্ণ সমর্থন আম আদমি পাৰ্টীৰ
ঠিকাভিত্তিক স্বাস্থ্য কৰ্মীৰ সকলো দাবী শীঘ্ৰে পূৰণৰ দাবী আপৰ ভাৰপ্ৰাক্ত ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত কৰ্মচাৰীসকলে দীর্ঘদিনে ভূগি থকা বিভিন্ন সমস্যা সমাধানৰ দাবীত যোৱা ৪ মাৰ্চৰ পৰা সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থকা ধর্ণা কাৰ্যসূচীৰ ফলত অসমত স্বাস্থ্য সেৱা প্রায় অচল হৈ পৰাৰ লগতে হাজাৰ হাজাৰ ৰোগী চিকিৎসা তথা অন্যান্য সেৱাৰ পৰা বঞ্চিত হৈছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বার্তাযোগে আপ, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই পৰিস্থিতিত উদ্বেগ প্রকাশ কৰে আৰু অসম চৰকাৰক শীঘ্ৰে স্বাস্থ্য কর্মীসকলৰ সকলো ন্যায্য দাবী মানি লৈ স্বাস্থ্য সেৱা নিয়মীয়া কৰিবলৈ দাবী জনাইছে। উল্লেখ্য যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি জিলা চিকিৎসালয়ৰ লগতে আদর্শ চিকিৎসালয়, প্রাথমিক স্বাস্থ্য কেন্দ্র, উপ-স্বাস্থ্য কেন্দ্ৰ আদিৰ অতি নূন্যতম দৰমহা তথা চাকৰিৰ কোনো নিশ্চয়তা নোহোৱাকৈ সেৱা আগবঢ়াই থকা ৰাজ্যৰ ২৪ সহস্রাধিক বিষয়া-কৰ্মচাৰীয়ে শংকা আৰু অনিশ্চয়তা মাজেৰে জীৱন অতিবাহিত কৰি আহিছে। আম আদমি পার্টী (আপ) য়ে স্বাস্থ্য সেৱাৰ দৰে জৰুৰীকালীন সেৱাত নিয়োজিত এই সকল কৰ্মচাৰীক অস্থায়ী আৰু অনিশ্চয়তাৰ মাজত ৰখাটো বিজেপি চৰকাৰখনৰ জনসাধাৰণৰ প্ৰতি এক অন্যায় বুলি অভিহিত কৰিছে। আজি অসম চৰকাৰৰ অমনোযোগিতাৰ বাবেই ৰাজ্যৰ প্রান্তে হাজাৰ হাজাৰ লোক স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈছে। আম আদমি পার্টী (আপ) য়ে স্বাস্থ্য সেৱাৰ এই অচলাৱস্থা শীঘ্ৰে অৱসানৰ বাবে উদ্যোগ লোৱাৰ লগতে কৰ্মৰত সকলো ঠিকাভিত্তিক স্বাস্থ্য কৰ্মীৰ চাকৰি চৰ্তহীনভাৱে নিয়মীয়া কৰাৰ লগতে অন্যান্য সকলো সা-সুবিধা নিশ্চিত কৰিবলৈ দাবী জনাইছে।